/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dd3bf1c3-6045-4f4f-a31c-0b07fb93f4cf/14.jpg)
ডিজিটেল ডেস্ক : সাদিন-প্ৰতিদিন কাৰ্য্যালয়ত শনিবাৰে এখনি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। এই সভাৰ মূল উদ্দেশ্য হৈছে দুৰ্গা পূজা উপলক্ষে অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰা ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/096ae3d1-70aa-412f-b1c4-d799ff5b7f0d/e93a2dbf_b838_4f26_aa19_3ee3b650100b.jpg)
সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাদিন-প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱা। সন্মানীয় অতিথিৰ আসন অলংকৃত কৰে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য্য হাজৰিকা,সহকাৰী সম্পাদক স্বপ্না বেজবৰুৱা আৰু শিক্ষাবিদ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ নিৰঞ্জন কলিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f16a28e6-a252-4e0b-ae1f-98d9da534f29/e72084e9_b092_44d9_95b5_ae4e38e7e6bd.jpg)
অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁত ধৰা অনুষ্ঠানটিত প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক নগদ ধন,মানপত্ৰ,গামোচা আৰু এখনি গ্ৰন্থ প্ৰদান কৰা হয়। উল্লেখ্য যে, শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসমীয়া প্ৰতিদিন ডিজিটেলে “ধৰ্মীয় আৰু সাৰ্বজনীন দৃষ্টিৰে দুৰ্গা পূজা ” শীৰ্ষক বিষয় সম্পৰ্কে এই ৰচনা প্ৰতিযোগিতাখনি আয়োজন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f93f007d-9109-455b-8f17-ead596e6b360/683350b5_b8b2_425a_9e0e_a31a6919ec96.jpg)
য'ত প্ৰায় ৩সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এইসকল প্ৰতিযোগীৰ মাজৰ পৰা ৩গৰাকী প্ৰতিযোগীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰথম স্থান লাভ কৰে- প্ৰজ্ঞানজ্যোতি ভূঞা (বাহনা মহাবিদ্যালয়,যোৰহাট), দ্বিতীয় স্থান- অংকুৰিতা দেৱী (ফৰকাটিং গজানন্দ জালান বালিকা বিদ্যালয়,গোলাঘাট) আৰু তৃতীয় স্থান লাভ কৰে- দীপ্যমান কলিতা (অসম জাতীয় বিদ্যালয়,গুৱাহাটী)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f768af2b-89bc-4274-ac47-aaa009a93d5c/057a8870_a7af_4cfc_84a5_5cf6329663a5.jpg)
প্ৰথম স্থানপ্ৰাপ্ত প্ৰজ্ঞানজ্যোতি ভূঞাক নগদ ১০,০০০ (দহ হাজাৰ টকা),গামোচা,গ্ৰন্থ আৰু মানপত্ৰ প্ৰদান কৰে সঞ্চালক ঋষি বৰুৱাই,দ্বিতীয় স্থানপ্ৰাপ্ত অংকুৰিতা দেৱীক নগদ ৫,০০০ (পাঁচ হাজাৰ টকা),গামোচা,গ্ৰন্থ আৰু মানপত্ৰ প্ৰদান কৰে ড০ নিৰঞ্জন কলিতাই আৰু তৃতীয় স্থানপ্ৰাপ্ত দীপ্যমান কলিতাক নগদ ৩,০০০ (তিনি হাজাৰ টকা ),গামোচা,গ্ৰন্থ আৰু মানপত্ৰ প্ৰদান কৰে গল্পকাৰ প্ৰশান্ত দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/648555f0-2ed9-499d-a515-d9d80242bde9/02c67e04_47b0_40ea_8eb8_0e71f42e37a4.jpg)
বঁটা লাভ কৰি প্ৰজ্ঞানজ্যোতি ভূঞাই অসমীয়া প্ৰতিদিন ডিজিটেলে লোৱা এনে প্ৰচেষ্টাৰ শলাগ লয়। ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে যথেষ্ট অধ্যয়ন কৰিব লগা হোৱা বুলিয়ো তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/de8cf4a4-93dd-4c4e-b097-bac10932b077/1d876653_ed87_42ea_99a2_7a1308782355.jpg)
অংকুৰিতা দেৱীয়ে কয়- ৰচনা প্ৰতিযোগিতাত ৩ সহস্ৰাধিক প্ৰতিযোগীৰ মাজৰ পৰা মই দ্বিতীয় স্থান লাভ কৰি আনন্দিত হৈছোঁ। অসমীয়া প্ৰতিদিনৰ এনে পদক্ষেপে নৱপ্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি আকৰ্ষিত কৰিব। লগতে তেওঁ এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে বিভিন্ন প্ৰসংগ পুথিৰ সহায় লোৱা বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6f95e65a-0b5f-4032-bab2-810c256c95f7/0c4ce246_7b7e_4b85_a16d_c627e7a35ccc.jpg)
ইফালে ঋষি বৰুৱাই ৰচনা প্ৰতিযোগিতাত ভাগ লোৱা সমূহ প্ৰতিযোগীকে ধন্যবাদ জনোৱাৰ লগতে পুৰস্কাৰপ্ৰাপ্ত তিনিয়োগৰাকী প্ৰতিযোগীক অভিনন্দন জ্ঞাপন কৰে। কাৰ্য্যবাহী সম্পাদক ধৈৰ্য্য হাজৰিকাই অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত অসমীয়া প্ৰতিদিন ডিজিটেলে লোৱা এনে পদক্ষেপৰ শলাগ লয়।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক এডিটৰ মৃদুল কুমাৰ সন্দিকৈয়ে কয়- পূজাৰ বতৰ উপলক্ষে প্ৰকাশ মহন্তৰ আহ্বানত ৰচনা প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল। কিন্তু ভবা নাছিলো যে, অসমৰ বিভিন্ন প্ৰান্তৰ ৩সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি। লগতে প্ৰত্যকখন ৰচনাই গুণগতমান তথা উন্নতমান বিশিষ্ট আছিল বুলি তেওঁ কয়। বক্তব্যৰ শেষত সন্দিকৈয়ে পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক অভিনন্দন জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dbaf3782-cb18-44a9-b331-0c05eefa2644/ba8cac8f_ec96_4a38_98c0_be2bb245935c.jpg)
সভাৰ শেষত প্ৰকাশ মহন্তই কয় যে ৩সহস্ৰাধিক প্ৰতিযোগীৰ মাজৰ পৰা ৩গৰাকী স্থানপ্ৰাপ্ত প্ৰতিযোগী বিচাৰি উলিওৱাটো এক জটিল প্ৰক্ৰিয়া আছিল। বিশেষজ্ঞসকলে ৰচনা প্ৰতিযোগিতাৰ বিচাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পালন কৰি ৩গৰাকী প্ৰতিযোগীক স্থান দিছিল। মুঠ ২০ নম্বৰ নিৰ্ধাৰণ কৰি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছিল।
এই সভাত সাদিন-প্ৰতিদিন আৰু অসমীয়া প্ৰতিদিন ডিজিটেলৰ সংবাদকৰ্মীৰ লগতে আন আন কৰ্মচাৰীসকল উপস্থিত আছিল।
Also Read: "কৃষক বিৰোধী বিজেপি চৰকাৰ হায়-হায়" ধ্বনিৰে কৃষক সভাৰ অৱস্থান ধৰ্মঘট