"কৃষক বিৰোধী বিজেপি চৰকাৰ হায়-হায়" ধ্বনিৰে কৃষক সভাৰ অৱস্থান ধৰ্মঘট

"কৃষক বিৰোধী বিজেপি চৰকাৰ হায়-হায়" ধ্বনিৰে কৃষক সভাৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, দৌলাশাল: সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত নিখিল ভাৰত কৃষক সভাই শনিবাৰে ৰাজ্যজুৰি অনুষ্ঠিত কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ ইয়াৰে অংশস্বৰূপে নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে নলবাৰী জিলাৰ মুকালমুৱাৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত কৰে ধৰ্মঘট কাৰ্যসূচী ৷ ৬ বিধ কৃষিজাতীয় সামগ্ৰীকে ধৰি কৃষকৰ বিভিন্ন সমস্যা সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

ধান, মৰাপাট, সৰিয়হ, আলু, গাখীৰ আৰু কেঁচা চাহপাতৰ ন্যূনতম সহায়ক মূল্য আদায়ৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী বিজেপি চৰকাৰ হায়-হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ গ' বেক, আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক, ডাবল ইঞ্জিনৰ চৰকাৰ হায়-হায়, আম্বানী-আদানীৰ হাতোৰাত বন্দী বিজেপি চৰকাৰ হায়-হায়, মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাক ইত্যাদি ধ্বনিৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

তদুপৰি বৰক্ষেত্ৰীৰ কৃষকসকলক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰা, বানত ক্ষতিগ্ৰস্ত কৃষকক সাহায্য প্ৰদান কৰা, বৰক্ষেত্ৰীত বন্ধ হৈ থকা নলা-নৰ্মদা, জান-জুৰিসমূহ মুকলি কৰি দিয়াৰ দাবীৰেও ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তেই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ধৰ্মঘটৰ অন্তত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ সমদল উলিয়াই চক্ৰ বিষয়া কৌস্তব ৰয়ৰ জড়িয়তেই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ধৰ্মঘট কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভাৰ সভাপতি নগেন দাস, সম্পাদক ভূৱনেশ্বৰ বৰ্মনকে প্ৰমুখ্য কৰি কৃষক সভাৰ ডেৰকুৰি সদস্য উপস্থিত থাকে ৷ 

"কৃষক বিৰোধী বিজেপি চৰকাৰ হায়-হায়" ধ্বনিৰে কৃষক সভাৰ অৱস্থান ধৰ্মঘট
ঢকুৱাখনাত কৃষি বিভাগৰ আলু বীজ বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in