নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালৰ

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ সহযোগত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগ
নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালৰ
নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালৰ

ডিজিটেল ডেস্কঃ ''এখন দেশ হিচাপে ভাৰতবৰ্ষৰ এক প্ৰাক ঐতিহাসিক ধাৰণা আৰু ভাৰতবৰ্ষৰ সভ্যতাগত পৰিচয় অতিকৈ প্ৰাচীন।''- অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচন আৰু গুৱাহাটীস্থিত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উদ্যোগত নৱেম সংখ্যক বাৰৰ বাবে আয়োজন কৰা অধ্যাপক শৰৎ মহন্ত সোঁৱৰণি বক্তৃতা অনুষ্ঠানত মূল বক্তব্য প্ৰদান কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য বিশিষ্ট অৰ্থনীতি সঞ্জীৱ সন্যালে এইদৰে কয়।

''ভাৰতবৰ্ষঃ আমাৰ সভ্যতাৰ পৰিচয় মূল''-শীৰ্ষ বিষয়ত বক্তৃতা প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অৰ্থনীতিবিদ তথা এগৰাকী অগ্ৰণী ইতিহাসবিদ সঞ্জীৱ সন্যালে কয় যে, সকলো ধৰণৰ ন্যষ্ট স্বাৰ্থ জড়িত ঔপনিৱেশিক অস্বীকাৰৰ বিপৰীতে ভাৰত বৰ্ষক এক স্পষ্ট ধাৰণা আৰু জাতি, জাতিয়তা তথা সভ্যতাগত ভাবেও ভাৰতবৰ্ষৰ ধাৰণা অতি প্ৰাচীণ আৰু তথ্যবদ্ধ, তথ্য সমৃদ্ধ। ভাৰতীয় ইতিহাস তথা অৰ্থনীতি বিষয়ক কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰা বিশিষ্ট লেখক তথা শিক্ষাবিদ সঞ্জীৱ সন্যালে বেদ, উপনিষদ, পুৰাণৰ বিভিন্ন তথ্য আৰু উদাহৰণ দাঙি ধৰি এখন দেশ হিচাপে ভাৰতবৰ্ষৰ ভৌগলিক পৰিসীমা তথা সভ্যতাগত পৰিচয়ৰ মূল সন্দৰ্ভত এক তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰি বহু নতুন চিন্তাৰ উদ্ৰেক কৰে।

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা সঞ্জীৱ সন্যালে কয় যে, ভাৰতবৰ্ষ কেৱল ৰাজ্যসমূহৰ সংঘ নহয়। ভাৰতবৰ্ষ হৈছে এক অতি প্ৰাচীণ, স্পষ্ট আৰু ব্যাপক ধাৰণা আৰু সভ্যতাগতভাৱে এক সম্ভ্ৰান্ত পৰিচয়। ভাৰতীয় সভ্যতাই এটা সময়ত এছিয়াৰ অন্যান্য অংশকো সামৰি লৈছিল বুলি মন্তব্য কৰি সঞ্জীৱ সন্যালে উপস্থাপন কৰা বক্তব্য তথ্যগতভাৱেও সুন্দৰকৈ বিশ্লেষণ আগবঢ়ায়।

উল্লেখযোগ্য যে, মূল বক্তব্যৰ পৰিপূৰক হোৱাকৈ মহাৰাজ পৃথুৰ ঐতিহাসিক গুৰুত্বৰ সন্দৰ্ভত এক চমু বিশ্লেষণ আগবঢ়ায় অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ নৱাৰণ বৰুৱাই। বিহাৰৰ প্ৰখ্য়াত নালান্দা বিশ্ববিদ্যালয় ধ্বংস কৰাৰ পাছত অসম অভিমুখী সাম্ৰাজ্যবাদী অত্যাচাৰী আক্ৰমণকাৰী বখতিয়াৰ খিলজীক পৰাস্ত কৰি অসীম বীৰত্বৰ পৰিচয় দিয়া কামৰূপৰ মহাৰাজ পৃথুক অসমৰ প্ৰথমগৰাকী ৰক্ষক অথবা ত্ৰাণকৰ্তা বুলিও নৱাৰণ বৰুৱাই অভিহিত কৰে।

মহাবীৰ লাচিত বৰফুকনৰ দৰে পৃথুৱেই তেওঁৰ ধাৰ্মিক, গুণী, দক্ষ, ৰাজত্ব আৰু অপৰিসীম বীৰত্বৰ বাবে যথোচিত স্বীকৃতি আৰু সন্মান পোৱা উচিত বুলিও গৱেষক নৱাৰুণ বৰুৱাই মন্তব্য কৰে। উল্লেখযোগ্য যে, অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ সচিব তথা অ' পি জিন্দাল গ্লবেল বিশ্ববিদ্যালয়ৰ প্ৰধ্যাপক ডীন ড০ উপাসনা মহন্তই আঁতধৰা এই বক্তৃতা অনুষ্ঠানটি মাংগলিক বন্তী প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য সঞ্জীৱ সন্যাল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ মুখ্য পৰিচালন সঞ্চালক, অগ্ৰণী মহিলা উদ্যোগী ৰিণিকি ভূঞা শৰ্মা, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্ত, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই।

অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। উদ্বোধনী ভাষণ প্ৰসংগত ৰাজ্যপাল কাটাৰিয়াই অধ্যাপক শৰৎ মহন্ত একেধাৰে এজন শিক্ষাবিদ, সাংবাদিক, চিন্তাশীল লেখক, সমাজকৰ্মী আৰু অসম গণ অধিকাৰৰ ধাৰণা বিকাশৰ এগৰাকী অগ্ৰণী প্ৰবক্তা বুলি অভিহিত কৰাৰ লগতে তেখেতৰ জীৱন, কৰ্ম আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় এক অনুপ্ৰেৰণাৰ উৎস বুলি মন্তব্য কৰে। অধ্যাপক শৰৎ মহন্তৰ আদৰ্শ আৰু স্বপ্নক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে গঠিত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনে প্ৰতি বছৰে গুৱাহাটীৰ ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰি অহা বক্তৃতানুষ্ঠানসমূহে শৈক্ষিক-বৌদ্ধিক দিশসমূহৰ লগতে আৰ্থ সামাজিত তথা ঐতিহাসিক ক্ষেত্ৰসমূহতো নতুন চিন্তা, চৰ্চাৰ উন্মেষ কৰিছে বুলিও ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে।

অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ নীৰৱচ্ছিন্ন বৌদ্ধিক প্ৰয়াসক শলাগ লোৱাৰ লগতে এনেধৰণৰ চিন্তা উদ্ৰেককাৰী বক্তৃতা অনুষ্ঠানে নতুন ধাৰণা, নতুন দৃষ্টি ভংগী গঠনৰ সোপান ৰচনা কৰিব বুলিও ৰাজ্যপাল কাটাৰিয়াই আশা ব্যক্ত কৰে। অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্ত, পুত্ৰ তথা গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, নাতিনী ড০ আৰ্চিয়া মহন্ত আৰু ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ এছ পি সিঙে সমল ব্যক্তি তথা অভ্যাগতসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

প্ৰণিধানযোগ্য যে, নামঘোষাৰ এফাকি প্ৰাৰ্থনাৰে বক্তৃতা অনুষ্ঠানৰ শুভাৰম্ভ কৰে জনপ্ৰিয় সংগীত শিল্পী জুবলী বৰুৱাই। অনুষ্ঠানটিত কৃষ্ণ বন্দনা শীৰ্ষক নৃত্য অভিনয় পৰিৱেশন কৰি বিশিষ্ট নৃত্য শিল্পী মৃদুস্মিতা দাস বৰা আৰু ৰাজীৱ ৰাগে অনুষ্ঠানটিক এক সুকীয়া মাত্ৰা প্ৰদান কৰে।

উল্লেখযোগ্য যে, মূল বক্তৃতা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্য বক্তা অৰ্থনীতিবিদ সঞ্জীৱ সন্যালৰ সৈতে হোৱা বস্তুনিষ্ঠ আলোচনা আৰু উপস্থিত সুধীবৃন্দৰ প্ৰশ্নোত্তৰ শিতানে সামগ্ৰীকভাৱে অনুষ্ঠানটিক অধিক আকৰ্ষণীয় কৰি তোলে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত জেনেৰেল ৰাণাপ্ৰতাপ কলিতা, বিশেষ মুখ্য সচিব এম কে যাদৱ, অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, অসম লোকসেৱা আয়োগৰ সদস্য, মেজেৰ জেনেৰেল ভাস্কৰ কলিতা, গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, অভিনেত্ৰী মৃুদুলা বৰুৱা, অভিনেতা কপিল বৰা, প্ৰাগ নিউজৰ চি এম ডি ড০ সঞ্জীৱ নাৰায়ণ, প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী, নাৰায়ণ কোঁৱৰ, অধ্যাপক শৰৎ মহন্তৰ জ্যেষ্ঠ পুত্ৰ ড০ পাৰ্থসাৰথি মহন্ত, বোৱাৰী ইন্দ্ৰাণী বৰুৱাকে প্ৰমুখ্য কৰি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালৰ
৩০ বছৰে সম্পূৰ্ণ হৈ উঠা নাই ৰঙিয়াৰ গড়কা-খৈৰাবাৰী সংযোগী পথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in