৩০ বছৰে সম্পূৰ্ণ হৈ উঠা নাই ৰঙিয়াৰ গড়কা-খৈৰাবাৰী সংযোগী পথ...

৩০ বছৰে সম্পূৰ্ণ হৈ উঠা নাই ৰঙিয়াৰ গড়কা-খৈৰাবাৰী সংযোগী পথ...

author-image
Asomiya Pratidin
New Update
৩০ বছৰে সম্পূৰ্ণ হৈ উঠা নাই ৰঙিয়াৰ গড়কা-খৈৰাবাৰী সংযোগী পথ...

ডিজিটেল সংবাদ,ৰঙিয়া : ৰাজ্যৰ চাৰিওফালে উন্নয়নৰ জয় ঢোল বজাই থকা চৰকাৰখনৰ কিছুমান কামে ৰাইজক জীয়াতু ভুগাইছে । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গড়কাৰ খৈৰাবাৰীৰ মিলনপুৰ সংযোগী মূল পথৰ অতিকৈ গুৰুত্বপূৰ্ণ একাংশ প্ৰায় ৩৫-৩০ বছৰ ধৰি আজিও সম্পূৰ্ণ হৈ উঠা নাই।

Advertisment

উল্লেখযোগ্য যে এই পথেৰে নিতৌ সৰু-বৰ যান-বাহনকে ধৰি বহু মানুহে অহা-যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি একাংশই আক্ষেপ প্ৰকাশ কৰে।

স্থানীয় ৰাইজৰ অভিযোগ - কিছুমান মধ্যভোগীৰ বাবে এই পথছোৱা বছৰ বছৰ ধৰি সম্পূৰ্ণ হৈ উঠা নাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত পথচোৱাৰ কাষৰ পথতে বাস কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে ।

প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়েও পথচোৱাৰ দুদৰ্শাত স্থানীয় বিধায়কৰ কৰ্ণ গোচৰ কিয় ভালদৰে হোৱা নাই নে হেমাহি প্ৰকাশ কৰিছে সেয়া এক লক্ষণীয় হৈছে বুলি ভুক্তভোগী ৰাইজে উল্লেখ কৰে।

লগতে ৰাইজে জানিবলৈ দিয়ে যে যদিহে পথছোৱা মেৰামতিৰ বাবে আৰ্থিক সাহাৰ্য আবণ্টিত হৈছে তেন্তে দালাল শ্ৰেণীটো উৎখাত কৰি পথছোৱাৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ স্থানীয় বিধায়ক ভৱেশ কলিতাক অনুৰোধ জনায়। অন্যথা ভবিষ্যতে এই পথছোৱাৰ ওপৰতে অনশনপৰ্যন্ত কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

Also Read: চৰ খাই কেনেকৈ ভোট দিওঁ বদৰভাই ?

bhabesh kalita rangia pwd assam