অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি

অনুষ্ঠানত উপস্থিত থাকিব শিক্ষাবিদ, গৌহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰী

author-image
Asomiya Pratidin
New Update
অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি

প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি। অহা ২৫ মাৰ্চত অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাই সোণালী জয়ন্তী বৰ্ষত খোজ দিব।

Advertisment

সেয়ে সংস্থাৰ ৫০ বছৰীয়া বৰ্ণিল ইতিহাস স্মৰণ কৰি উক্ত দিনা গুৱাহাটীস্থিত লক্ষ্মীৰাম বৰুৱা সদনত সোণালী জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰিছে। অনুষ্ঠানত উপস্থিত থাকিব শিক্ষাবিদ, গৌহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰী।

উক্ত অনুষ্ঠানত আয়োজক সমিতিয়ে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সমূহ সদস্যক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।

Also Read: প্ৰত্যাৱৰ্তন কৰিয়েই ধিং এক্সপ্ৰেছৰ স্বৰ্ণপদক দখল

golden jubilee