
ডিজিটেল সংবাদ,গুৱাহাটী : অসমৰ সংগীত জগতৰ তাৰকা, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব তথা সংগীত শিল্পী জুবিন গাৰ্গ বুধবাৰে হঠাত অসুস্থ হৈ পৰে। বুধবাৰে ষ্টুডিঅ'ত কাম কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰায়।
শিল্পীগৰাকীৰ এই খবৰ বিয়পি পৰাত শুভাকাঙ্খীসকলৰ লগতে ভিন-ভিন দল-সংগঠন চিন্তিত হৈ পৰিছে। এক প্ৰেছ বিবৃতিযোগে সাহিত্য- কলা - সংস্কৃতিৰ অনুষ্ঠান "বহুভাষিক সাহিত্য মঞ্চ, অসম" চমুকৈ "বহুবাকে" জুবিন গাৰ্গৰ আশু-আৰোগ্য কামনা কৰে।
অনুষ্ঠানটিৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় -"অসম তথা দেশৰ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা জুবিন গাৰ্গ অনতিবিলম্বে সুস্থ হৈ পৰিব বুলি আমি ঈশ্বৰৰ লগতে নেদেখা জনৰ ওচৰত মিনতি কৰিছোঁ । তেওঁ সুস্থ হৈ জনগণৰ গীত গাব পাৰিব বুলি আমাৰ বিশ্বাস ।"
ইয়াৰোপৰি সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, অখিল ভাৰতীয় সাহিত্য পৰিষদ, গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি,কমল কলিতা, শচীন দাস, দ্বিজেন কাকতি, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, নাৰী কল্যাণ মঞ্চ,ড০ অসমী গগৈ আদিকে ধৰি প্ৰায় অৰ্ধশতাধিক দল-সংগঠন তথা ব্যক্তিয়ে শিল্পীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়।