/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6dc33d9b-e1fd-4c55-9961-239f41136507/49.jpg)
ডিজিটেল সংবাদ,কামপুৰ : কামপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত 'জল দূত জলশালাৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। নগাঁও জিলা জল জীৱন মিচনৰ উদ্যোগত আৰু কঠীয়াতলী শিক্ষা খণ্ড,কঠীয়াতলী আৰ্যভট্ট বিজ্ঞান কেন্দ্র আৰু কঠীয়াতলী জনকল্যাণ আৰু কাৰিকৰী বিভাগৰ সহযোগত বুধবাৰে এই কৰ্মশালাখনি সফলভাৱে সম্পন্ন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/46f230c3-2e21-4198-88e2-7bd2d804298a/815583f5_443b_45a6_8401_f8407d986e6f.jpg)
কঠীয়াতলী শিক্ষা খণ্ডৰ বি-আৰ-পি ৰতন দাসে আঁত ধৰা অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ সমন্বয়ক নজিবুৰ ৰহমানে। সমল ব্যক্তি উপস্থিত থাকে লম্বিত দলে আৰু নাৰজিনা ৰহমান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c4201c2b-c275-4dbf-a809-f72072a41c61/114d78a7_0436_4212_8a84_def3becf52e9.jpg)
৪ খন বিদ্যালয়ৰ সৰ্বমুঠ ৪০ জন ছাত্র-ছাত্ৰীক জলদূত নামেৰে নামকৰণ কৰি বিশুদ্ধ খোৱা পানীৰ সংৰক্ষণৰ ক্ষেত্রত সজাগতা আনিবলৈ প্ৰশিক্ষণ দিয়া হয়। অনুষ্ঠানটোত টেকনেচিয়ান পল্লৱজ্যোতি হাজৰিকাই পানীৰ গুণাগুণ পৰীক্ষাৰ দ্বাৰা জলদূতসকলক ভালদৰে বুজাই দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4c725abb-3080-4369-80a5-2fcd638b65f4/2bbabdb4_a299_4d53_b821_9cd94e0527a2.jpg)
আনহাতে উক্ত সভাত গাইড শিক্ষক সৰোজ শইকীয়া, ৰমেন কলিতা, ৰুনজুন বৰা ফুকন, দিগন্ত লস্কৰ,চি আৰ চি চি উৎপল ডেকাৰ লগতে বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীবৃন্দ উপস্থিত থাকে।
Also Read: আই চি চি এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত বেটিং আৰু বলিং দুয়োটাৰে শীৰ্ষত ভাৰত