চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ...

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ...

ডিজিটেল সংবাদ,মথুৰাপুৰঃ অত্যাৱশ্যক সামগ্ৰীৰ বৃদ্ধি ৰোধ কৰা,চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিক সকলক মাটিৰ পট্টা দিয়া আৰু চাহ জনগোষ্ঠীক জনজাতি কৰণকে ধৰি প্ৰাপ্য আদায় দাবীত শুকুৰবাৰে পুৱাই মথুৰাপুৰ চাহ বাগিচাত চাহ শ্ৰমিক সকলে এক ঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে ৷ মথুৰাপুৰ চাহ বাগিছাৰ চাহ মজদুৰ সংঘৰ বিষয় ববীয়াৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক শ্ৰমিকে অংশ গ্ৰহন কৰে ৷

চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ মালিকপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে চাহ শ্ৰমিকসকলে ।প্ৰতিবাদকাৰী সকলে বাগিচাখনৰ চাহ শ্ৰমিকসকলে ভুগি অহা বিভিন্ন সমস্যাসমূহ সামৰি কেইবা দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷

এই স্মাৰক পত্ৰখনত মথুৰাপুৰ চাহ বাগিচাৰ প্ৰধান পৰিচালকগৰাকীৰ লগতে শ্ৰমিকসকলৰ এই দাবীসমূহ অনতিপলমে সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ...
অনাস্থা প্ৰস্তাৱঃ বিৰোধী শূণ্য সদনত মৌখিক ভোটত জয়ী মোডী নেতৃত্বাধীন চৰকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in