অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰবীণ পৰ্বতাৰোহী প্ৰফুল্ল ডেকাৰ মৃত্যু...

অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰবীণ পৰ্বতাৰোহী প্ৰফুল্ল ডেকাৰ আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোক ঘটে

author-image
Asomiya Pratidin
New Update
অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰবীণ পৰ্বতাৰোহী প্ৰফুল্ল ডেকাৰ মৃত্যু...

ডিজিটেল সংবাদ, গুৱাহাটী: অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰবীণ পৰ্বতাৰোহী প্ৰফুল্ল ডেকাৰ শণিবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোক ঘটে। দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি থকা প্ৰফুল্ল ডেকাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৬ বছৰ।

Advertisment

উল্লেখযোগ্য যে, তেওঁ অসম পৰ্বতাৰোহণ সন্থাৰ চতুৰ্থজন সাধাৰণ সম্পাদক আছিল। সত্তৰ দশকৰ পৰা অসম পৰ্বতাৰোহণ সন্থাৰ লগত ওত:প্ৰোতভাৱে জড়িত প্ৰফুল্ল ডেকাই সন্থাৰ দ্বাৰা আয়োজিত বহুকেইটা ট্ৰেকিং আৰু পৰ্বতাৰোহণ অভিযানত অংশ গ্ৰহণ কৰিছিল।

তেওঁৰ বিয়োগত অসম পৰ্বতাৰোহণ সন্থাৰ তৰফৰ পৰা বিদেহী আত্মাৰ সদগতি তথা শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Also Read: নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ সন্ধান উলিয়াবলৈ উত্তৰ-পূৱ মণ্ডলৰ আইজিপিক তদন্তৰ দায়িত্ব...

ASSAM GOVERNMENT