/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
agrani khabar
ডিজিটেল সংবাদ, তিনিচুকীয়া: যোৱা ১২ জানুৱাৰীৰ পৰা লিডুৰ কয়লাখনিত সন্ধানহীন হৈ থকা মাকুম শুকানি গাঁৱৰ প্ৰাঞ্জল মৰাণৰ সন্ধান উলিয়াবলৈ শেহতীয়াকৈ তৎপৰ হৈছে অসম আৰক্ষী । স্মৰ্তব্য যে, ৰাজনৈতিক পৃষ্ঠপোষকতাত লিডু-মাৰ্ঘেৰিটাত অব্যাহত থকা কয়লাত অবৈধ খনন আৰু পৰিবহন তথা চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যিদৰে স্থানীয় আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ হাত-ভৰি বন্ধা সেইদৰে লিডুৰ কয়লা খননত নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ সন্ধান উলিয়াবলৈ গৈও কেতবোৰ কাৰকৰ বাবে থমকি ৰ'বলগা হ'ল স্থানীয় আৰক্ষী ।
যাৰ পৰিপ্ৰেক্ষিতত প্ৰাঞ্জলৰ পত্নী উৰ্বশীয়ে ন্যায়ৰ আশাৰে দিশপুৰত অৱস্থান কৰিবলৈ বাধ্য হয়। বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীকে মুখ্য কৰি একাংশ সচেতন ব্যক্তিয়ে উৰ্বশীৰ ন্যায় প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰা স্থিতিৰ পিছতেই প্ৰাঞ্জল সন্দৰ্ভত হঠাতে তৎপৰ হৈছে অসম আৰক্ষী । ইয়াৰে ফলশ্রুতিত অৱশেষত আৰক্ষী মহাপৰিদৰ্শক জি পি সিঙে নিৰুদিষ্ট প্ৰাঞ্জলৰ সন্ধান উলিয়াবলৈ ইতিমধ্যে তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে উত্তৰ-পূৱ মণ্ডলৰ ডিআইজি জিৎমল দলেক ।
উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ মাকুম শুকানি গাঁৱৰ বিবাহিত যুৱক তথা এটি সন্তানৰ পিতৃ প্ৰাঞ্জল মৰাণে (২৭) পেটৰ তাড়নাত লিডুৰ অবৈধ কয়লাখনিত কয়লা খান্দিবলৈ গৈ নিখোজ হৈছিল । এই সন্দৰ্ভত প্ৰাঞ্জলৰ পত্নীয়ে স্থানীয় আৰক্ষীক গোচৰ দিছিল যদিও প্ৰাঞ্জলৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছিল আৰক্ষী। জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ ন্যায় বিচাৰি তথা প্ৰাঞ্জলৰ সন্ধানৰ দাবী তুলি সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাৰ লগতে টাই আহোম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ জৰিয়তে অবৈধ কয়লা পৰিবাহী ট্রাক চলাচলত বাধা আৰোপ কৰিছিল যদিও এসময়ত উঠাই লোৱা হৈছিল অৱৰোধ কাৰ্যসূচী ।
এটা সময়ত প্ৰাঞ্জল মৰাণৰ বিপৰীতে চলোৱা অভিযানো স্থবিৰ হৈ পৰিছিল। কয়লা মাফিয়াই তথা চিণ্ডিকেট চক্ৰই প্ৰতিবাদী সংগঠনকেইটাৰ নেতৃত্বক তিনি কোটি টকাৰে মেনেজ কৰা বুলি সেই সময়ত ছচিয়েল মাধ্যমত বহুত প্ৰচাৰ চলিছিল যদিও সেয়া কিমানদূৰ সঁচা সেই তথ্য নাছিল কাৰো হাতত। সংগঠনৰ নেতৃত্ব মেনেজ হোৱা বাবেই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলিও জিলাখনত ব্যাপকভাৱে চৰ্চিত হৈছিল । এক সূত্ৰই প্ৰাঞ্জলৰ পৰিয়ালক লিডু কয়লাখনিত প্ৰাঞ্জলৰ মৃত্যু হোৱা বুলি সদৰি কৰাৰ লগতে মাফিয়াচক্ৰই প্ৰাঞ্জলৰ মৃতদেহ পুতি থোৱা বুলিও অৱগত কৰিছিল।
আনকি ক্ষতিপূৰণ হিচাপে পৰিয়ালক পাঁচলাখ টকা আগবঢ়োৱাৰো আশ্বাস দিছিল সন্দেহজনক চক্ৰটোৱে। এই সমুদায় ঘটনাক্ৰম সম্পৰ্কে তিনিচুকীয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকী জ্ঞাত আছিল যদিও কোনোৱে প্ৰাঞ্জলৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাছিল কোনোধৰণৰ তৎপৰতা । উল্লেখ্য যে, প্ৰাঞ্জলৰ পত্নী উর্বশীয়ে লিডু আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত মাৰ্ঘেৰিটা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ ( বি ) / ৩০৪ / ৩৭৯ আৰু আৰ / ডব্লিউ ছেকচন ৩ ৰ পি ডি পি পি এক্টৰ অধীনত গোচৰ ৰুজু কৰা হয় যদিও আজি দুমাহ অতিক্ৰম কৰাৰ পিছতো এটাও অপৰাধীক আৰক্ষীয়ে আটক নকৰিলে । অথবা এজাহাৰত উল্লেখ কৰা কয়লা মাফিয়া বি গণেশ, কুজুৰ ভাতৃদ্বয়ক সোধ-পোচৰ বাবেও আটক কৰাৰ পৰা বিৰত থাকিল আৰক্ষী।
অৱশেষত আৰক্ষী মহাপৰিদৰ্শক জি পি সিঙৰ পদক্ষেপে প্ৰাঞ্জলৰ নিৰুদ্দেশ সন্দৰ্ভত ৰুজু হোৱা গোচৰে বিশেষ অগ্ৰগতি লাভ কৰিব বুলি আশা কৰা হৈছে। ইফালে গ্ৰেপ্তাৰৰ আশংকাত লিডু-মাৰ্ঘেৰিটাৰ একাংশ কয়লা মাফিয়াৰ অৱস্থা 'ফাঁট মেলা বসুমতী পাতালে লুকাওঁ' দৰে হৈছে বুলি জিলাখনত চৰ্চিত হৈছে । তদন্তৰ দায়িত্ব লাভ কৰা উত্তৰ-পূৱ মণ্ডলৰ আই জি পি জিৎমল দলেই ইতিমধ্যে প্রাঞ্জলৰ শুকানিস্থিত বাসগৃহত উপস্থিত হৈ পত্নী উৰ্বশীৰে প্ৰায় দুঘণ্টা সময়ধৰি ঘটনা সন্দৰ্ভত বার্তালাপত মিলিত হৈ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে, কয়লা মাফিয়াৰ চত্ৰছায়াত লিডু-মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন সম্ভৱ হোৱা বাবেই প্ৰাঞ্জলৰ দৰে দুৰ্ভগীয়া শ্রমিকে অকালতে প্ৰাণ হেৰুৱাইছে বুলি একে আষাৰে ক'ব পাৰি । বিগত ২০১৯ বৰ্ষত ৰাজ্যৰ ভূতত্ত্ব আৰু মাইনিং বিভাগৰ সঞ্চালকে লিডু-মাৰ্ঘেৰিটাতত কয়লাৰ অবৈধ খনন আৰু পৰিবহনত জড়িত মুঠ ১৯ গৰাকী মাফিয়াক চিনাক্ত কৰি ইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিনিচুকীয়া জিলাৰ তদানীন্তন উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অনুৰোধ জনাইছিল যদিও আজিলৈকে কোনো এজনকো আটক কৰা নহ'ল ।
শেহতীয়াকৈ প্ৰাঞ্জলৰ ঘটনাক্ৰমত জড়িত মাফিয়াচক্ৰ আৰক্ষীৰ জালত পৰিবনে নে ৰাজনৈতিক হস্তক্ষেপত সেয়া ফুটুকাৰ ফেন হ'ব সেয়া সময়েহে ক'ব । এটা কথা স্পষ্ট যে যিটো গতিত লিডু-মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন চলি আছে অতি কম সময়ৰ ভিতৰতে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ নিশ্চিহ্ন হোৱাটো নিৰ্ঘাত হৈ পৰিছে ।
Also Read: ৰাজ্যিক পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰে আৰম্ভ অপেন কাৰাটে চেম্পিয়নশ্বিপ...