গুৱাহাটীৰ মানুহে AC ব্যৱহাৰ কৰাৰ ফলত নাটনি হৈছে বিদ্যুতৰঃমুখ্যমন্ত্ৰী

গুৱাহাটীৰ মানুহে AC ব্যৱহাৰ কৰাৰ ফলত নাটনি হৈছে বিদ্যুতৰঃমুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ইয়াৰ মাজতে বৰ্ধিত বিল আৰু বিদ্যুতৰ লুকা-ভাকুক লৈ অতিষ্ঠ হৈছে ৰাইজ । ৰাজ্যবাসীৰ এনে সমস্যাক সমাধান দিয়াৰ বিপৰীতে ৰাজ্যৰ নেতাসকলে বিগত দিন কেইটাত অদ্ভুত মন্তব্য প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীত বিদ্যুতৰ বৰ্ধিত বিল অহাক লৈ মন্তব্য প্ৰদান কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰবাসীয়ে অধিক এচি ব্যৱহাৰৰ ফলতেই বিদ্যুতৰ নাটনিৰ কথা উল্লেখ কৰিছে । লগতে অসমত বিদ্যুৎ উৎপাদনৰ কোনোধৰণৰ উৎস নাই বুলিও মন্তব্য কৰিছে আজিৰ দিনটোত । তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰবাসীয়ে চাৰিটা ৰুমত চাৰিটাকৈ এচি লগালে বিদ্যুতৰ বিল অধিক আহিবই বুলিও মত প্ৰকাশ কৰিছে ।

কেইদিনমান পূৰ্বে ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জনতাক গছৰ তলত বহিবলৈ এক মন্তব্য প্ৰদান কৰিছিল । যি মন্তব্যক লৈ সমগ্ৰ ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । পিছে যি কাৰণতেই বৰ্ধিত বিদ্যুতৰ বিল নাহক কিয় ইয়াৰ মাচুল জনতাই ভৰি আহিছে । কিন্তু ইয়াৰ বিপৰীতে জনতাক অদ্ভুত মন্তব্য কৰি বিতৰ্ক কৰি থকা এইসকল নেতাই লাভ কৰি আছে বিনামূলীয়াকৈ বিদ্যুৎ সেৱা ।

ৰাজ্যৰ বিধায়কৰ আবাস গৃহত থকা ২০ জনকৈ বিধায়কৰ আবাসগৃহত আছে শতকৈও অধিক এচি । ইয়াৰ বিপৰীতে ৰাইজক গছৰ তলত বহিবলৈ উপদেশ প্ৰদান কৰা খোদ অধ্যক্ষগৰাকীৰ বাসগৃহত আছে বহুকেইটা এচি । উল্লেখ্য যে বিধায়ক আবাস গৃহৰ প্ৰতিগৰাকী বিধাকৰ বাসগৃহত যোগান ধৰা হয় বিনামূলীয়া বিদ্যুৎ ।

এতিয়া প্ৰশ্ন হ'ল বিনামূলীয়া বিদ্যুৎ ভোগ কৰি থকা এইসকল নেতাই নিজৰ কষ্টৰ ধনেৰে বিল ভৰি থকা ৰাইজক সময়ে সময়ে এইদৰে অদ্ভুত মন্তব্য দি থকা কাৰ্য কিমান দূৰ গ্ৰহণযোগ্য সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

গুৱাহাটীৰ মানুহে AC ব্যৱহাৰ কৰাৰ ফলত নাটনি হৈছে বিদ্যুতৰঃমুখ্যমন্ত্ৰী
বিদ্যুৎ বিলৰ বিলৈ: এ পি ডি ছি এল-জুবিন পত্নীৰ বাকযুদ্ধ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in