বিদ্যুৎ বিলৰ বিলৈ: এ পি ডি ছি এল-জুবিন পত্নীৰ বাকযুদ্ধ...

বিদ্যুতৰ বিলে জ্বলা-কলা খোৱাইছে সাধাৰণ ৰাইজক। ৰাজ্যত বিগত সময়ত বিদ্যুতৰ মাছুল বৃদ্ধিৰ খবৰে ব্যাপক চৰ্চা লাভ কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
বিদ্যুৎ বিলৰ বিলৈ: এ পি ডি ছি এল-জুবিন পত্নীৰ বাকযুদ্ধ...

ডিজিটেল ডেস্ক : বিদ্যুতৰ বিলে জ্বলা-কলা খোৱাইছে সাধাৰণ ৰাইজক। ৰাজ্যত বিগত সময়ত বিদ্যুতৰ মাছুল বৃদ্ধিৰ খবৰে ব্যাপক চৰ্চা লাভ কৰি আহিছে। তেনে সময়তে বিদ্যুতৰ মাছুল বৃদ্ধিক লৈ বুধবাৰে সামাজিক মাধ্যমত নিজৰ মত ব্যক্ত কৰিছিল গৰিমা শইকীয়া গাৰ্গে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বিগত মাহত ১০,৫০০ টকা বিল আদায় দিয়া বুলি দাবী কৰি এই মাহৰ প্ৰথম ৫ দিনতেই ২০০০ টকাৰ প্ৰিপেইড বিদ্যুতৰ মাছুল দিয়াৰ কথা ব্যক্ত কৰিছিল সামাজিক মাধ্যমত।

Advertisment

ইয়াৰ পাছতেই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তেওঁৰ অনুৰাগী তথা সকলো শ্ৰেণীৰ মানুহে কমেণ্ট কৰি শক্তি বিভাগক সমালোচনা কৰে। সমালোচনাৰ মাজতেই আজি সামাজিক মাধ্যমৰ সেই পোষ্টটোত কৰা আন এটা কমেণ্টে ব্যাপক চৰ্চা লাভ কৰিছে। কমেণ্টতো আছিল শক্তি বিভাগ অৰ্থাৎ এ পি ডি ছি এলৰ। গৰিমা শইকীয়া গাৰ্গে অনা অভিযোগ খণ্ডন কৰি শক্তি বিভাগে কমেণ্টৰ যোগেদি জনায় যে, এপ্ৰিল মাহত ৬,০৯৮ টকা মাছুল পৰিশোধ কৰাৰ বিপৰীতে মে' মাহত ৬,৪৫৯ টকা মাছুল পৰিশোধ কৰিছে গৰিমা শইকীয়া গাৰ্গে। তদুপৰি এপ্ৰিল মাহৰ বিল পৰিশোধ নকৰাৰ বাবেহে মে' মাহৰ বিল বেছি কৈ অহা বুলি দাবী কৰে শক্তি বিভাগটোয়ে। লগতে জুন মাহত কোনো বিল পৰিশোধ নকৰাৰ কথাও কমেণ্টোত লিখে এ পি ডি ছি এলয়ে।

পিছে ইমানতে শেষ হোৱা নাই সামাজিক মাধ্যমৰ এই অভিযোগ-প্ৰতিঅভিযোগৰ বিতৰ্ক। শক্তি বিভাগৰ কমেণ্টৰ পাছতেই তথ্য সহকাৰে পুনৰ সামাজিক মাধ্যমতেই প্ৰত্যুতৰ দিলে গৰিমা শইকীয়া গাৰ্গে। নিজৰ বিদ্যুতৰ মাছুল পৰিশোধ কৰা বিল দেখুৱাই গাৰ্গৰ মন্তব্য, "কিছুমান কথা ভিত্তিহীন ভাবে এনেই কোৱা নাযায়।" তেওঁ পোষ্টত আপলোড কৰা বিদ্যুতৰ বিল অনুসৰি জুন মাহৰ ৩ তাৰিখ আৰু ৮ তাৰিখে বিদ্যুতৰ মাছুল ২,০০০ কৈ পৰিশোধ কৰিছে গৰিমা শইকীয়া গাৰ্গে।

এতিয়া প্ৰশ্ন হয়, ৪ বা ৫ দিনৰ অন্তৰে অন্তৰে বিদ্যুতৰ প্ৰিপেইড ৰিচাৰ্জ কৰিব লগীয়া হোৱাৰ কাৰণ কি ? শক্তি বিভাগটোক ইমান বিল কিয় পৰিশোধ কৰিব লগীয়া হয় ৰাজ্যৰ প্ৰতিটো শ্ৰেণীৰ লোকে ? প্ৰিপেইড হোৱাৰ পৰা সঘনাই বিল পৰিশোধ কৰিব লগীয়া হোৱাৰ অন্তৰালত মাত্ৰ মাছুল বৃদ্ধিয়ে নে অন্য কোনো গাফিলতি কাৰণ হ'ব পাৰে ?

apdcl Garima Saikia Garg