ট্ৰাকৰ খুন্দাত নিহত আৰক্ষী কনিষ্টবল

ট্ৰাকৰ খুন্দাত নিহত আৰক্ষী কনিষ্টবল

author-image
Asomiya Pratidin
New Update
ট্ৰাকৰ খুন্দাত নিহত আৰক্ষী কনিষ্টবল

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ দায়িত্ব সামৰি অহাৰ পথত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী আৰক্ষী কনিষ্টবলৰ। শুকুৰবাৰে নিশা উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা।

Advertisment

শৰাইঘাট দলঙৰ সমীপত হোৱা এই পথ দুৰ্ঘটনাৰ ফলত নিহত লোকজন অসম আৰক্ষীৰ কনিষ্টবল গোপাল চন্দ্র চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জালুবাৰীৰ আৰক্ষীয়ে জব্দ কৰিছে।

Also Read: কঠীয়াতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈৰ অনন্য প্ৰয়াস...

amingaon guwahati police north guwahati election Assam police