কঠীয়াতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈৰ অনন্য প্ৰয়াস...

ব্যক্তিগত প্ৰচেষ্টাৰে নিজ বাসগৃহত এটি সংগ্ৰহালয় স্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈ
কঠীয়াতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈৰ অনন্য প্ৰয়াস...

ডিজিটেল সংবাদ,কঠীয়াতলী : নগাঁও জিলাৰ কঠীয়াতলী কছাৰী গাঁৱৰ এজন লোকে ব্যক্তিগত প্ৰচেষ্টাৰে নিজ বাসগৃহত এটি সংগ্ৰহালয় স্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অনন্য প্ৰয়াসৰে সংগ্ৰহালয় স্থাপন কৰা ব্যক্তিগৰাকীয়ে কাঠ আৰু বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী সাজিও ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

তেঁও হৈছে কঠীয়াতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈ। অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে বাহঁ আৰু কাঠেৰে বিভিন্ন ধৰণৰ মূৰ্তিৰ সমান্তৰালকৈ অসমৰ পৌৰাণিক কালৰ বিভিন্ন আচবাবো তৈয়াৰ কৰিছে।

ইয়াৰোপৰি অসমৰ থলুৱা বিভিন্ন বাদ্যযন্ত্ৰ সাজি উলিওৱাৰ লগতে কিছু সংগ্ৰহ কৰি নিজ বাসগৃহৰ সংগ্ৰাহলয়ত ৰাখি ৰাইজৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ কথা তেঁও ব্যক্ত কৰে। পৌৰাণিক সময়ৰ গ্ৰামোফোন, কেমেৰা, টোকোৰা চৰাইৰ বাঁহ, টেপ ৰেকৰ্ড আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সংৰক্ষণ কৰি অঞ্চলবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈয়ে।

উল্লেখ কৰা প্ৰয়োজন যে নগাঁও জিলাৰ কন্দলী হাবি গাঁৱত জন্মগ্ৰহন কৰা ভূপেন বৰদলৈয়ে সৰুৰে পৰা এনেবোৰ কামৰ প্ৰতি আগ্ৰহী। আজৰি সময়ত তেঁও ভাস্কৰ্য শিল্পৰ লগতে কিতাপ পঢ়ি, গান শুনি ভালপায়।

তদুপৰি "য়াৰেং" নামৰ এখনি গ্ৰন্থ লিখি পাঠকৰ সমাদৰ লাভ কৰাৰ কথাও জানিবলৈ দিয়ে। বৰদলৈৰ এনে প্ৰসংশনীয় পদক্ষেপক এতিয়া অঞ্চলবাসী ৰাইজে শলাগ লৈছে।

কঠীয়াতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈৰ অনন্য প্ৰয়াস...
প্ৰতিদিন টাইমৰ বীৰেন বৰালৈ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in