মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাসঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২জনক

মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাসঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২জনক

author-image
Asomiya Pratidin
New Update
মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাসঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২জনক

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী নিৰ্বাচনৰ প্ৰাকক্ষণত  মহানগৰীত অস্ত্ৰধাৰী যুৱকে সন্ত্ৰাস চলাইছে। পানবজাৰত চানমাৰি আৰক্ষীৰ অভিযানত ২ যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা যুৱকদুজন ক্ৰমে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা। গ্ৰেপ্তাৰ হোৱা যুৱক ২জনৰ ঘৰ চিলাপথাৰত।

Advertisment

উল্লেখযোগ্য যে মহানগৰীত সংঘটিত বিভিন্ন অপৰাধত জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। যুৱক দুজনৰ পৰা ৭.৬৫ পিষ্টলৰ তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰিছে। কিন্তু এইপৰ্যন্ত চানমাৰী আৰক্ষীয়ে পিষ্টলটো উদ্ধাৰ কৰিব পৰা নাই।

জালনোট সৰবৰাহৰ গোচৰত তেজপুৰত পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল ধৃত এই যুৱক দজন।গেংটোৰ আন ২সদস্য অজিত গগৈ আৰু ধ্ৰুৱজ্যোতি নাথক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল চানমাৰি আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত অজিত, ধ্ৰুৱজ্যোতিয়ে নাম লৈছিল শনিবাৰে গ্ৰেপ্তাৰ হোৱা দেৱজিৎ আৰু  অজয়ৰ ৷

Also Read: কৰিমগঞ্জৰ ভোটকেন্দ্ৰ দখল আৰু ৰেগিঙৰ অভিযোগেৰে কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ দাখিল...

chandmari police guwahati