/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3a221398-b556-4835-981e-d371b41acade/3.jpg)
ডিজিটেল ডেস্কঃ অহা ১২ ডিচেম্বৰত দিশপুৰস্থিত অগ্ৰদূত ভৱনত কবি জ্যোতি মালাকৰ কাকতিৰ দ্বাৰা ৰচিত কাব্যগ্ৰন্থ "ৰ'দে পোৰা গীত" উন্মোচিত হ'ব। কাব্যগ্ৰন্থখন উন্মোচন কৰিব দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ড০ দয়ানন্দ পাঠক, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, অসম লেখিকা সমাজৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা বিশিষ্ট সাহিত্যিক পদুমী গগৈ আৰু অসম চৰকাৰৰ প্ৰাক্তন সচিব তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ।
Also Read: ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃতী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ল ড° বাণীকান্ত কাকতি মেধা বঁটা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us