/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/51945450-cb32-4265-b14f-b6a7414df30d/2.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক প্ৰজ্ঞান ভাৰতী আচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০% নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫% শতাংশ নম্বৰ লাভ কৰা ছাত্ৰসকলক এই বঁটা প্ৰদান কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানসমূহ সম্পৰ্কত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ বাতৰি...
শিলচৰত মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ বিতৰণ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা
অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে শিলচৰত ৰাজ্য চৰকাৰে মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা এই বঁটা বিতৰণ কৰাৰ সমান্তৰালভাৱে শিলচৰত মন্ত্ৰী হাজৰীকাই কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰক সামৰি সৰ্বমুঠ ২৯৩৪ গৰাকী শিক্ষাৰ্থীলৈ আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ee0afb65-cbc3-48dc-91fa-450baf74fcf9/0a6e3271_af75_4d50_9336_c7a589d99b93.jpg)
উল্লেখ্য যে, কাছাৰ জিলাৰ ১২৩১ গৰাকী, কৰিমগঞ্জ জিলাৰ ১২৪৯ গৰাকী আৰু হাইলাকান্দি জিলাৰ ৪৫৪ গৰাকী শিক্ষাৰ্থীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।বঁটাপ্ৰাপ্ত শিক্ষাৰ্থীসকল তেওঁলোকৰ কনিষ্ঠসকলৰ বাবে এক প্ৰকাৰে প্ৰেৰণা হৈ পৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই অহা বৰ্ষত এই বঁটা লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6a93a0ba-5fce-4666-b88b-7e13955a074d/4fe51293_4812_4002_8e83_39ac771d9ce0.jpg)
উল্লেখ্য যে এই বৰ্ষত ৰাজ্যখনৰ ৩৫,৭৭০ গৰাকী শিক্ষাৰ্থীয়ে ড° বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে বৃহস্পতিবাৰৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক চালকৰ অনুজ্ঞাপত্ৰ লোৱা, হেলমেট পৰিধান আদি সম্পূৰ্ণ নীতি-নিয়ম মানি স্কুটাৰ চলাবলৈ আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a88d96f0-a33f-468d-8906-58a4131f2c68/313d6f78_8ee4_4cb1_bedf_48ef661eda87.jpg)
তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৩৩২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক ড⁰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান
তামুলপুৰ আঞ্চলিক দূৰ্গা মন্দিৰ প্ৰাংগণত বৃহস্পতিবাৰে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰ শিক্ষা বিভাগে আগবঢ়োৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত ২০২৩ বৰ্ষত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক ড⁰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1a3adc8d-8d12-468b-9bab-14d5398d9643/8d531ea6_fdfd_4481_9272_ab77a3a96039.jpg)
অতিথি হিচাপে বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা আৰু বিধায়ক জলেন দৈমাৰীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ়িবলৈ আহ্বান জনায়। বৃহস্পতিবাৰৰ বঁটা প্ৰদান অনুষ্ঠানতে দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা পথ দুৰ্ঘটনা আৰু গাড়ী মটৰ চালনাৰ নিয়ম দুৰ্ঘটনাৰ সময়ত লব লগা সাৱধানতা আৰু দুৰ্ঘটনাৰ সময়ত কি কৰিব লাগিব তাৰ সবিশেষ প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/96288336-62cb-4fa1-bfa1-7ae63bef6180/149e8186_c1e1_4dad_a8d8_f1c49973bdd5.jpg)
বৃহস্পতিবাৰৰ অনুষ্ঠানতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড⁰ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে একোখনকৈ স্কুটি প্ৰদান কৰে ৷ অনুষ্ঠানত তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, অতিৰিক্ত আয়ুক্ত কুকিলা গগৈ, হিতেশ বড়ো, ৰুনাভ ৰামচিয়াৰী, অৰুনিমা কাকতি সহ তামুলপুৰ জিলাৰ শিক্ষানুষ্ঠান সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক সকল অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।
Also Read: আনে লিখিছিল উত্তৰবহীঃ ইংৰাজীত 'নলবাৰী' বুলি লিখিব নজনা ৰাকেশ দাস হৈছিল ACS বিষয়া