কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন

সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক অথবা নগৰ কেন্দ্ৰিক : ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন

ডিজিটেল ডেস্ক : কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। শুকুৰবাৰে গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে।

উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ''সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক অথবা নগৰ কেন্দ্ৰিক হোৱা দেখা যায়। এটা সময়ত অসমীয়া উপন্যাসত যিদৰে অসমৰ গ্ৰাম্য সমাজৰ মানুহৰ সুখ-দুখ, সমস্যা প্ৰতিফলিত হৈছিল,তেনে প্ৰতিফলন আজিৰ উপন্যাসত দেখা নাযায়। তাৰ বিপৰীতে ৰঞ্জিত পাটগিৰিয়ে তেওঁৰ প্ৰথমখন উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি'ৰ জৰিয়তে আমাৰ অসমীয়া সমাজ এখনৰ সমস্যা আৰু সামাজিক ব্যৱস্থাক প্ৰতিফলিত কৰিছে।"

উপন্যাসখন পঢ়ুৱৈ সমাজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। 'কেঁচা ভূঁইৰ কঁপনি'ৰ কাহিনীৰ বিষয়ে উল্লেখ কৰি লগতে দেৱ চৌধুৰীয়ে কয়― "ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰি ৰঞ্জিতে বিশ্বাসযোগ্যভাৱে আমাক পতিয়ন নিয়াইছে যে গ্ৰাম্য জীৱনৰ জীয়া অভিজ্ঞতা তেওঁৰ সংবেদনশীল কবি মনটোত ক'ৰবাত সজীৱ হৈ আছে। লেখকে বাস্তৱ জীৱনৰ পৰা অর্জন কৰা অভিজ্ঞতাৰ ভিত্তিত উপন্যাসখন ৰচনা কৰিছে। সেয়েহে এই উপন্যাসখনত পঢ়ুৱৈয়ে নিজৰ আবেগ-অনুভূতিৰ প্ৰকাশ দেখা পাব আৰু একাত্মবোধ কৰিব।

উপন্যাসখন পঢ়ি থকাৰ সময়ত পঢ়ুৱৈয়ে উপলব্ধি কৰিব, যেন তেওঁলোকে এখন কাল্পনিক উপন্যাস পঢ়া নাই, পাগলাদিয়া পাৰৰ গাঁও এখন চকুৰ সমুখত ভাঁহি উঠিব। উপন্যাসখন পঢ়ি থকাৰ সময়ত এনে লাগিব যেন চিনাকি নৈৰ পাৰ অথবা গাঁৱলীয়া বাটত বিচৰণ কৰিছে এহাল প্ৰেমিক-প্ৰেমিকাই। এই উপলব্ধিৰ উপহাৰ এজন লেখকৰ বাবে কম কৃতিত্ব নহয় ৷"

উল্লেখযোগ্য যে, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উপন্যাসখনত এটা দীঘলীয়া পাতনিও লিখিছে। লগতে বিশিষ্ট সাহিত্যিক তথা 'সাদিন','সাতসৰী'ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়েও গ্ৰন্থখনৰ পাতনি লিখিছে। পাতনিত শৰ্মা পূজাৰীয়ে উল্লেখ কৰিছে― "কেঁচা ভূঁইৰ কঁপনি নামৰ উপন্যাসখনে অসমীয়া সমাজ এখনৰ সামাজিক ব্যৱস্থা আৰু জীৱন চেতনাক প্ৰতিফলিত কৰিছে। উপন্যাসখন সহজ-সৰল জীৱনৰ এক চিত্ৰ পট। ভাষা সৰল আৰু সুখপাঠ্য। এনে আৰু সামাজিক উপন্যাস সৃষ্টি হওঁক।"

পাণবজাৰৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী 'অসম পাবলিচিং কোম্পানী'য়ে গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। প্ৰকাশক সঞ্জয় সান্যালেও গ্ৰন্থখন পঢ়ি পাঠকে এক বিশেষ সুখানুভূতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

ইফালে 'কেঁচা ভূঁইৰ কঁপনি' সন্দৰ্ভত ৰঞ্জিত পাটগিৰিয়ে কয়― "কিছুমান কথা কবিতাৰে ক'ব নোৱাৰি। বহু কাহিনী কবিতাত বৰ্ণাব নোৱাৰি। অথচ, তেনেবোৰ কথা-কাহিনী ক'বলৈ বৰকৈ মন যায়। তেনে কেতবোৰ কাৰণতে এই উপন্যাসখন লিখিবলগীয়া হ'ল। চলিত শতিকাৰ আৰম্ভণি সময়ৰ সামাজিক অস্থিৰতা, ৰাজনৈতিক পৰিৱেশ, সমাজ পৰিৱৰ্তন, নৈপৰীয়া জীৱনৰ দুখ-দুৰ্দশা, প্ৰেম-ভালপোৱা আদি বিষয় সামৰি উপন্যাসখন ৰচনা কৰা হৈছে।"

অতি সহজ-সৰল ভাষাত লিখা উপন্যাসখন পাঠক সমাজে আদৰি ল'ব বুলি তেওঁ আশা কৰিছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কাব্য চর্চা অব্যাহত ৰখা ৰঞ্জিত পাটগিৰিৰ ইতিপূর্বে ৪খনকৈ কবিতা পুথি প্ৰকাশ হৈছে। 'কেঁচা ভূঁইৰ কঁপনি' তেওঁৰ প্ৰথমখন উপন্যাস। আজিৰ এই উন্মোচনী অনুষ্ঠানত অসীমা দেৱ চৌধুৰীও উপস্থিত থাকে।

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন
দলগাওঁ সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in