দলগাওঁ সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
দলগাওঁ সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

দলগাওঁ সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

ডিজিটেল সংবাদ,ওৰাং : ওদালগুৰি জিলাৰ অন্যতম সমবায় সমিতি দলগাওঁ সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। ৫০বছৰৰ দুৱাৰদলিত ভৰি দিয়া উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তীৰ কাৰ্য্যসূচী।

জিলাখনৰ কৌপাটিৰ সমবায় সমিতিৰ প্ৰাঙ্গনত ৮ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হৈছে সোনালী জয়ন্তীৰ অনুষ্ঠান। সেয়ে শুকুৰবাৰৰ প্ৰথম কাৰ্যসূচী পুৱা সভাথলিৰ মুখ্যদ্বাৰ উন্মোচনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে দলগাওঁ সমবায় সমিতি লিমিটেডৰ মূল পতাকাখন উত্তোলন কৰে সমিতিৰ সভাপতি চন্দন দৈমাৰীয়ে।

সমান্তৰালকৈ কৌপাটি অঞ্চলৰ ৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা সোনালী জয়ন্তীৰ ৫০খন পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছত একাধিক্ৰমে স্মৃতি তৰ্পণ, পেণ্ডেল আৰু মঞ্চ উদ্বোধনৰ লগতে বয়োজেষ্ঠ অংশীদাৰ সকলক সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজকসকলে। কাইলৈ অৰ্থাৎ

আনহাতে শনিবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, দলগাৱঁৰ বিধায়ক মজিবুৰ ৰহমান, মাজবাটৰ বিধায়ক চৰণ বড়োৰ লগতে ইএম ড° নিলুৎ স্বৰ্গীয়াৰী।

দলগাওঁ সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
কলিয়াবৰত 'মঞ্চ’ৰ উদ্যোগত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in