চিলাপথাৰত ৮ দিনীয়াকৈ আৰম্ভ তৃতীয় ৰাজ্যিক ভাওনা সমাৰোহ...

চিলাপথাৰত ৮ দিনীয়াকৈ আৰম্ভ তৃতীয় ৰাজ্যিক ভাওনা সমাৰোহ...
চিলাপথাৰত ৮ দিনীয়াকৈ আৰম্ভ তৃতীয় ৰাজ্যিক ভাওনা সমাৰোহ...

ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰ বালিজানত মণিকাঞ্চন শিল্পী সমাজ বালিজানৰ উদ্যোগত আৰু মহাপুৰুষীয়া সত্ৰ সমাজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা চলি আছে তৃতীয় ত্ৰিবাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বচা বচা ১৫ টা ভাওনা দলে অংশগ্ৰহণ কৰা ভাওনা প্ৰতিযোগিতাখনৰ শুকুৰবাৰে অনুষ্ঠিত অনুষ্ঠানত ধৰ্মধ্বজা উত্তোলনৰ পিছতে বাহিৰ কৰা হয় এক বিশাল ভাগৱত ভ্ৰমণ সাংস্কৃতিক শোভাযাত্ৰা ।

ভাগৱত ভ্ৰমণ শোভাযাত্ৰা উদ্বোধন কৰে দিহানামৰ শিল্পী অমিয়া নেওগে। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে বিমান বৰাৰ দ্বাৰা ৰচিত " আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা " শীর্ষক এখন আধ্যাত্মিক গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শিক্ষাবিদ গকুল শইকীয়াই । ভাওনা উদ্বোধন কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি মনোজ গগৈয়ে ।

ইয়াৰ পিছতে টীয়কৰ পৰা অংশগ্ৰহণ কৰা ভাওনা দলৰ দ্বাৰা ভাওনা পৰিবেশন কৰা হয়। আজি দ্বিতীয় দিনা বন্তি প্ৰজ্বলন পিছতে সন্ধিয়া ৬ বজাৰ পৰা প্ৰতিযোগিতাৰ দ্বিতীয়খন ভাওনা অনুষ্ঠিত হয়।

নিশা ১০ বজাৰ পৰা তৃতীয়খন ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। প্ৰচণ্ড শীতৰ প্ৰতিকূল বতৰকো নেওচি অজস্ৰ দৰ্শকে ভাওনা দর্শন কৰে। হৰিনামৰ ধ্বনি আৰু ভাওনাৰ মধুৰ গীত-মাত-অভিনয়ে দ্বিতীয় বৈকুণ্ঠ সদৃশ পৰিবেশ সৃষ্টি কৰিছে বালিজান বৰনামঘৰৰ প্ৰাংগণত ।

চিলাপথাৰত ৮ দিনীয়াকৈ আৰম্ভ তৃতীয় ৰাজ্যিক ভাওনা সমাৰোহ...
ধেমাজি চমৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত আৰক্ষী বিষয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in