/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/6d8d7dd5-882e-414d-a01f-9d1cf93b819a/pijush_daa.jpg)
পানীখাইতিৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰীকাৰ
ডিজিটেল ডেস্কঃ বাৰিষাৰ বান আৰু খৰালিৰ গৰাখহনীয়া নৈপৰীয়া ৰাইজৰ বাবে ভয়ংকৰ সন্ত্ৰাস। অসমৰ নদীসমূহৰ বান খহনীয়াই বহু জিলাত ৰাইজৰ মাটি-ভেটি নিঃচিহ্ন কৰাৰ লগতে ৰাইজক জীয়াতু ভোগাই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/efc7e54f-611f-404f-9fcf-9e3a1493dd6f/1c18b592_0e24_42c0_b730_6e1272b00067.jpg)
চৰকাৰ সলনি হৈছে মথাউৰি নিৰ্মাণ,গৰাখহনীয়া প্ৰতিৰোধৰ পুৰণিকলীয়া আঁচনিবোৰৰ পদ্ধতি পিছে একেই আছে। এইবাৰ পিছে চৰকাৰৰ গালৈ কিছু হুচ আহিছে। পাৰ হৈ যোৱা বাৰিষাৰ ভয়াৱহ বান আৰু চলি থকা গৰাখহনীয়াৰ সন্দৰ্ভত সেইবাবে হয়তো বাৰিষা পাৰ হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে চৰকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0c5248ef-2f9b-48e0-aaf5-628b403ee4c3/8c3cb986_cc49_4b2b_9e9c_f911d6ea573e.jpg)
পূৰ্বৰ জলসম্পদ মন্ত্ৰীতকৈ এইখন চৰকাৰৰ ডেকা জলসম্পদ মন্ত্ৰী পিযুষ হাজৰীকাও সক্ৰিয় হবলৈ বাধ্য হৈছে। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বান খহনীয়া প্ৰবলিত এলেকাত সেয়ে হয়তো সঘনাই দেখা পোৱা যায় তেওঁক। মুখ্যমন্ত্ৰীয়েও এই সমস্যাৰ সমাধানৰ বাবে বিভিন্ন আঁচনি হাতত লোৱাৰ উপৰি ইয়াৰ প্ৰত্যক্ষ তদাৰকৰ দ্বায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰীগৰাকীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/08b52eee-32fd-4a3d-a09c-548224b8c801/c276de7a_8570_4ce1_8d68_92fdcad43aa0.jpg)
শনিবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে বিগত সময়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ মথাউৰি নিৰ্মাণ,গৰাখহনীয়া সমস্যা আদিৰ বাবে ব্যৱস্থা গ্ৰহন কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/731b2f0e-d5f7-47d1-a55b-1c7f6f2e3caa/6cb57b1e_bc6d_4291_953d_2bbd008c5b88.jpg)
আৰু পঢ়কঃ জীৱন সিংহ আহিল, পৰেশ বৰুৱা কেতিয়া আহিব ? মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে...