/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ff0c0f8d-bf82-439f-82ce-3627ed9d7950/piyush.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয় পৰা প্ৰতিখন জিলাৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জড়িয়তে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় । বৈঠকত মিলিত হৈ ৰাজ্যখনৰ সাম্প্ৰতিক বান আৰু খহনীয়াৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3bad26fb-5bda-4860-956b-1569c2aff667/008b7fb1_c6bb_4d84_b1fb_5cb1594e77b9.jpg)
অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই প্ৰতিখন জিলাৰে বান আৰু খহনীয়া অধ্যুষিত অঞ্চলৰ খবৰ লৈ এই অঞ্চলসমূহত কৰি থকা বিভাগীয় কামৰ অগ্ৰগতিৰ বুজ লয় । খহনীয়া অধ্যুষিত অঞ্চলসমূহত জৰুৰী আৰু অগ্ৰাধিকাৰ ভিত্তিত জিঅ’ বেগ আৰু পৰ্কুপাইনৰ ব্যৱহাৰেৰে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশনা দি মন্ত্ৰী গৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তাক খহনীয়া ৰোধৰ বাবে ইতিমধ্যেই পঠিওৱা সামগ্ৰীসমূহৰ উপৰিও প্ৰয়োজন অনুসৰি আৰু অধিক এনে সামগ্ৰীৰ যোগান ধৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e5c6b573-75d5-465d-9516-dcc2e1685204/2f2f66ec_3394_4cc2_8707_59239f6c285a.jpg)
আনহাতে ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই যিকোনো উপায়েৰে এই খহনীয়া ৰোধৰ বাবে কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে । এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ অভিযন্তা, কৰ্মচাৰীসকলক মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা সময়মতে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ মন্ত্ৰী হাজৰিকাই আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/803bdedd-2900-498f-af38-2e4c71f9a6d4/824858c2_50b3_4941_9b22_5c0b802f5d8f.jpg)
জলসম্পদ মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ নাওবৈচাত হোৱা বান পৰিস্থিতিৰো বুজ লয় । উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ নিৰ্দেশত জিলাখনৰ শিঙৰা নদীৰ বানত ভাগি যোৱা মথাউৰিৰ ভগ্ন অংশৰ মেৰামতিৰ কাম চলাই থকা হৈছে ।
মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত সম্ভৱপৰ সকলো কাম কৰি মথাউৰিটো জৰুৰীভাৱে অস্থায়ী মেৰামতি কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে । আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী হাজৰিকাই সকলো অভিযন্তা, কৰ্মচাৰীকে বাৰিষাৰ সময়খিনিত সষ্টম হৈ থাকি ৰাজ্যবাসীক বান-খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান জনায় ।
Also Read: জম্মু-কাশ্মীৰত সেনাৰ গুলিচালনাত নিহত ৫ সন্ত্ৰাসবাদী...