/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/861beda4-5a55-4b89-b5d5-5fe160e852e9/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে দীপৰ বিল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই। বিভাগীয় মুখ্য অভিযন্তাক লগত লৈ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিল পৰিদৰ্শন কৰি কেইবাটাও দিশৰ ওপৰত আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e86c881b-6082-4ae6-8646-730100c534e1/5d75cf9a_70ae_4492_95f7_894d8502790d.jpg)
বিলখনৰ ঐতিহ্য, সৌন্দৰ্য তথা ইয়াৰ স্বকীয়তাক ৰক্ষা কৰি দীপৰ বিলক কেন্দ্ৰ কৰি এক পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰাৰ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত জলসম্পদ বিভাগে কেনেধৰণৰ ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিব পাৰে সেই বিষয়ে পৰিদৰ্শনকালত বিভাগীয় অভিযন্তাৰ পৰা বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ed68021f-d1e0-45d7-9ff8-2298ba277e90/bde2cca3_4d3c_4893_8397_34964ce59454.jpg)
তদুপৰি ইয়াৰ চাৰিওফালে পদপথ, চাইকেল ট্ৰেক আদি নিৰ্মাণ কৰিব পাৰি নেকি সেই সন্দৰ্ভত বুজ লয় মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শনকালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ লগতে আন আন বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/852ce557-b6f5-47b7-8038-868ccc753ee1/94e0b397_e7f9_4182_b15c_28e3b87fbb12.jpg)
Also Read: প্ৰসংগ- ইন্দ্ৰাণী তহবিলদাৰঃ আৰক্ষী আয়ুক্তৰ কাষ চাপিলে কংগ্ৰেছ নেত্ৰী