প্ৰসংগ- ইন্দ্ৰাণী তহবিলদাৰঃ আৰক্ষী আয়ুক্তৰ কাষ চাপিলে কংগ্ৰেছ নেত্ৰী

প্ৰসংগ- ইন্দ্ৰাণী তহবিলদাৰঃ আৰক্ষী আয়ুক্তৰ কাষ চাপিলে কংগ্ৰেছ নেত্ৰী

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- ইন্দ্ৰাণী তহবিলদাৰঃ আৰক্ষী আয়ুক্তৰ কাষ চাপিলে কংগ্ৰেছ নেত্ৰী

ডিজিটেল ডেস্কঃ ৰাজ্য কঁপাই যোৱা বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহনন ঘটনাক লৈ এইবাৰ সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। শাসকীয় দলটোৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰে যোৱা ১১ আগষ্ট তাৰিখে আত্মহনন কৰাৰ পাছতেই পোহৰলৈ আহিছিল শাসকীয় নেতাৰ কেলেংকাৰীৰ কথা। যাৰ বাবে ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

Advertisment

এই ঘটনাক লৈ এইবাৰ গুৱাহাটী মহানগৰীৰ পাণবজাৰ আৰক্ষীৰ কাষ চাপিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। ইন্দ্ৰানী তহবিলদাৰৰ আত্মহননৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু শাস্তি প্ৰদানৰ দাবীৰে আৰক্ষী আয়ুক্ত লৈ পত্ৰ প্ৰেৰণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি প্ৰণতি ফুকন, উপ-সভাপতি ববিতা শৰ্মা, সাধাৰণ সম্পাদ ৰজলিনা তিৰ্কী আৰু বিধায়িক নন্দীতা দাসে।

পত্ৰখনত উল্লেখ কৰে যে, ধনৰ বিনিময়ত চৰকাৰী চাকৰি যোগান ধৰাৰ নামত শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত যি এক গোপন বুজাবুজি চলি আছে সেই বুজাবুজিয়ে শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত চলি থকা আভ্যন্তৰীণ দুৰ্নীতি স্পষ্টকৈ উদঙাই দিছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰি কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই কংগ্ৰেছ নেত্ৰী কেইগৰাকীয়ে।

তদুপৰি শাসকীয় দলতেই নাৰীৰ সুৰক্ষা আৰু মৰ্য্যদা ম্লান হোৱা বুলি উল্লেখ কৰি যি সকললোকে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ ফটো, ভিডিঅ' আৰু ফোন ক'ল আদি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল তেওঁ লোকৰ বিৰুদ্ধেও চাইবাৰ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়। ইয়াৰোপৰি প্ৰয়াত বিজেপি নেত্ৰী তহবিলদাৰক যিসকল ব্যক্তিৰ কাৰুকাৰ্যই আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল সেই ব্যক্তিসকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰি তেওঁলোকক কৰায়ত্ত কৰাৰো দাবী তোলে।

Also Read: পোহনীয়া কুকুৰৰ বাবেই দুজনক গুলীয়াই হত্যা...

Assam Pradesh Congress Commitee bharatiya janata party