/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0f7ff45b-f7c5-4d59-86c6-0b3297b52cdd/316.jpg)
ডিজিটেল ডেস্ক : "ইউনাইটেড কিং ডমৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, সাহিত্যৰ বাবে ন'বেল বঁটা বিজয়ী তথা প্ৰসিদ্ধ লেখক ছাৰ উইনষ্টন চাৰ্চিলৰ নাম আজিও মানুহৰ মুখে-মুখে। বাইৰণ, মিল্টন সদায় নতুন। সাহিত্যৰ স্থায়ী সংজ্ঞা নাই ।" শুকুৰবাৰে পৰাগজ্যোতি প্ৰকাশনৰ তৰফৰ পৰা জনোৱা সম্বৰ্দ্ধনা গ্ৰহণ কৰি এনেদৰে কয় যশস্বী সাহিত্যিক-সমালোচক, শিক্ষাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰকাশন সচিব ভৱানীপ্ৰসাদ অধিকাৰীয়ে।
মহানগৰীৰ হাতীগাঁওৰ লখিমী নগৰস্থিত সাহিত্যিক অধিকাৰীক নিজ বাসভৱনত আয়োজিত সভাখনি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত অধিকাৰীয়ে আৰু কয়- "সাহিত্যৰ সূত্ৰ নাই। সাহিত্য গতিশীল। ৰঘুনাথ চৌধাৰী প্ৰকৃতি কবি। প্ৰকৃত মানুহক সমাজে উচিত ধৰণেৰে সন্মান প্ৰদান কৰিব লাগে ।"
সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ" কমল কলিতাই কয়- "মানুহে অন্তৰ দৃষ্টিৰে লিখিব লাগে। অধিকাৰী চাৰে তেনেদৰে লিখে ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/eff0947c-45e3-475f-a8fa-18112bd2323c/6254921a_5449_4869_93d5_b5e645ad2ffc.jpg)
অৱসৰী প্ৰশাসনীয় বিষয়া, গীতিকাৰ-কবি শচীন দাসে সভাত অংশ লৈ কয়- "সাহিত্যিকসকল স্ৰষ্টা, দ্ৰষ্টা । অধিকাৰীচাৰ দুয়োটাৰ শাৰীতে পৰে ।" গনেশ নগৰ সাহিত্য সভাৰ সভাপতি, কবি, সাংবাদিক অৰুণ মহন্তই ভৱানীপ্ৰসাদ অধিকাৰীৰ বিশাল ব্যক্তিত্বক শ্ৰদ্ধাৰে উল্লেখ কৰে।
পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই কয়-জীয়াই থাকোঁতে মানুহক সন্মান দিব লাগে। মৰণোত্তৰভাৱে সন্মান দি লাভ নাই ।" সভাত কল্যাণী দেৱী ভাগৱতীও উপস্থিত থাকে ।
Also Read: কাছাৰত ২৪ কোটিৰ হেৰ'ইন জব্দ