কাছাৰত ২৪ কোটিৰ হেৰ'ইন জব্দ

মিজোৰামৰ পৰা সৰবৰাহ কৰি আব্দুল হুছেইনৰ ঘৰত মজুত কৰি ৰখা হৈছিল হেৰ'ইনখিনি
কাছাৰত ২৪ কোটিৰ হেৰ'ইন জব্দ

ডিজিটেল সংবাদ, শিলচৰ : নিচাজাতীয় সামগ্ৰী তথা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা বৃহৎ সাফল্য লাভ কৰিছে। গোপন তথ্যৰ ভিত্তিত ধলাই ভাগা বাজাৰৰ ইছলামাবাদত অভিযান চলাই আব্দুল হুছেইন লস্কৰ নামৰ এজন‌ লোকৰ ঘৰৰ পৰা ৪.৭৬৫কিলোগ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে।

জিলা আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত চলা এই অভিযানত ৩০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ আৰু ৪ টা ক'লা ৰঙৰ বেগৰ পৰা হেৰ'ইনখিনি জব্দ কৰা হয় বুলি জনায়। জব্দকৃত হেৰ'ইনখিনিৰ মূল্য প্ৰায় ২৪ কোটি টকা বুলি দাবী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

উল্লেখ্য যে,চাৰিদিন পূৰ্বে হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰি আব্দুল হুছেইনৰ ঘৰত মজুত কৰি ৰখা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে।

কাছাৰত ২৪ কোটিৰ হেৰ'ইন জব্দ
নিশা ২ আৰক্ষীৰ মৃত্যুঃ NSA ৰ অধীনত কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in