/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6ce9b27d-14d6-467d-a0cc-60054797a897/120.jpg)
ডিজিটেল ডেস্ক : মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত লেখিকা পদুমী গগৈৰ নৱতম উপন্যাস 'চ্চাওফা' উন্মোচন সন্দৰ্ভত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। অজিত চন্দ্ৰ খনিকৰে বন্তি প্ৰজ্জ্বলন অনুষ্ঠানেৰে শুভাৰম্ভ কৰা সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট লেখক তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মুখ্য উপদেষ্টা ধীৰেন শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e55f7508-f7d2-4698-8eb8-e27e235409f8/8a3770a9_034e_4280_bbf9_d10233a52a6e.jpg)
উক্ত সভাখনিত লেখিকা পদুমী গগৈৰ চ্চাওফা নামৰ উপন্যাসখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই। এই সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা, অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথ, প্ৰকাশক ডা০ ৰবীন্দ্ৰ মোহন শৰ্মা আৰু লেখক নিকুঞ্জ গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/dafe5647-605a-4145-a515-01bcd1261902/856673bf_fd44_457d_ab65_a0432ddafa40.jpg)
উপন্যাসখনি উন্মোচন কৰি ড০ সূৰ্য কান্ত হাজৰিকাই লেখিকাৰ প্ৰতি শলাগ লয়। তেওঁ কয়- আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত যিখন গ্ৰন্থ উন্মোচন হৈছে, এইটো সঁচাকৈয়ে ইয়াৰ নামটোৰ যোগেদি নতুনত্ব আমি দেখা পাইছোঁ। চ্চাওফাৰ অৰ্থ হৈছে স্বৰ্গদেও। এইক্ষেত্ৰত অতি আনন্দ লাগিছে যে এটা নতুন শব্দ শিকাৰ বা জনাৰ সুবিধা পাইছোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e743870a-3e44-4f2c-96a4-8d2fb67612b2/6b6389d4_04b7_4737_82c1_223722823be3.jpg)
লগতে কয় যে, অসমৰ জন সমাজে অনাগত দিনত এই গ্ৰন্থখনৰ বিষয়ে যেতিয়া বিভিন্ন ঠাইত পাব, তেতিয়া এটা নতুন শব্দ অসমীয়া ভাষাৰ অভিধানত নতুনকৈ সংযুক্ত হ'ব। 'অসমীয়া ভাষাৰ সাহিত্য যদি পৃথিৱীৰ বিভিন্ন ভাষাত অনুবাদ কৰিব পৰা যায়, তেতিয়াহে জগত সভালৈ যাব।' বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/346f1b55-cdfc-4b42-a9e8-6386d3213ecf/74c357e7_1699_45f5_80f7_9ff1dccf2d8a.jpg)
আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চিন্তাবিদ ময়ূৰ বৰাই সৃষ্টিশীল চেতনাৰ মাজেৰে বান্ধি পেলোৱাৰ হাবিয়াসৰ প্ৰসংগৰে কয় যে, চৈয়দ আব্দুল মালিকে সাহস কৰি ধন্য নৰ তনু ভাল লিখিলে। ড০ লক্ষ্মীনন্দন বৰাই পিছত যাকেৰি নাহিকে উপাম শংকৰদেৱ সন্দৰ্ভত লিখিলে।
এইদৰে আন আন লিখকে অসমৰ পুৰোধা ব্যক্তিসকলৰ বিষয়ে লিখি আমাক উপহাৰ দিলে। কিন্তু অন্যান্য জাতিৰ তুলনাত আমাৰ জাতিটোৰ এইসকল বীৰ-বীৰাংগনাই আমাক আশীৰ্বাদ দি থৈ গৈছে। আমাৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰি থৈ গৈছে বুলি বৰাই কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/39e9f339-6203-4e66-9b5b-2989bd48238d/da4ef6e9_80bd_4faa_b6f1_c6c2b9c0a530.jpg)
ইফালে চ্চাওফা সন্দৰ্ভত লেখিকা পদুমী গগৈয়ে কয় যে, এই গ্ৰন্থখন চাওলুং চুকাফাৰ জীৱনভিত্তিত ৰচনা কৰা হৈছে। গ্ৰন্থখনত চাওলুং চুকাফাৰ জীৱনৰ অভিব্যক্তি প্ৰেম, প্ৰেৰণা,চিন্তাশীলতা,মননশীলতা আদি কলাত্মকভাৱে উপন্যাসখনত চিত্ৰিত কৰিবলৈ যত্ন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/311ca8be-5ca4-4de7-9c3e-1b0fad022353/5cf2cc32_f551_4de8_a8f5_74726d504b19.jpg)
উক্ত অনুষ্ঠানত বুদ্ধিজীৱি, সাহিত্যিক,সাংবাদিককে ধৰি অসমৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ প্ৰাক-মুহূৰ্তত পৰিৱেশন কৰা এটি বৰগীতে সভাখনৰ অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ আঁত ধৰে দৈনিক অসমৰ সাংবাদিক গোকুল তালুকদাৰে।
Also Read: গুৱাহাটীত শুভাৰম্ভ চফ্ট স্কিল প্ৰশিক্ষণৰ পাঠ্যক্ৰম