অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাক বাগভূষণ উপাধি প্ৰদান

'জোনাকৰ সপোনত হৃদয়ৰ গান' তেওঁৰ কবিতাপুথি
অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাক বাগভূষণ উপাধি প্ৰদান

ডিজিটেল ডেস্ক : বাগভূষণ উপাধিৰে সন্মানিত হ'ল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা । দেওবাৰে গুৱাহাটী উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত ২০২৩ বৰ্ষৰ প্ৰাগজ্যোতিষ বঁটা‌ প্ৰদান অনুষ্ঠানত ৰাজখোৱাক এই উপাধি প্ৰদান কৰা হয় ।

বিশিষ্ট চিকিৎসক তথা শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, অভিনেতা হিৰণ্য ডেকা, কণ্ঠশিল্পী কল্পনা দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মা, অধ্যাপক অমিয়া পাটৰ, কবি গাৰ্গী ভূঞা আদি বহু বিশিষ্ট লেখক-শিল্পীৰ উপস্থিতিত প্ৰাক্তন প্ৰধান সম্পাদক ৰাজখোৱাক এই উপাধি প্ৰদান কৰে নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসে ।

ন্যাসৰ হৈ স্মাৰক প্ৰদান কৰে সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু ড° অমিয়া পাটৰে । প্ৰশস্তি পত্ৰ প্ৰদান কৰে ডাঃ অঞ্জনজ্যোতি চৌধুৰী, আৰক্ষী মহাপৰিদৰ্শক আবু চুফিয়ান আৰু কবি কৰুণাকান্ত শৰ্মাই । জাতীয় বস্ত্ৰ আৰু কাৰ্বি পহ' প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মা আৰু আবু চুফিয়ানে । মেডেল পৰিধান কৰায় সঞ্চালক উৎপল ভৰদ্বাজে ।

বাগভূষণ উপাধি গ্ৰহণ কৰি ৰাজখোৱাই এয়া তেওঁৰ বাবে এক বিৰল স্বীকৃতি বুলি উল্লেখ কৰে আৰু কয় যে ইমান দিনে ৰাইজৰ বাবে কৰা সেৱাৰ বাবেই হয়তো আজি তেওঁলৈ নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসে এই সন্মান আগবঢ়াইছে । তাৰ কাৰণে তেওঁ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পদুম ৰাজখোৱা অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ প্ৰধান সম্পাদক আছিল । পুৰুষদীপ্ত মিঠা কণ্ঠ আৰু স্পষ্ট কঠনশৈলীৰে সুন্দৰকৈ অনুষ্ঠানৰ আঁত ধৰা, মনোমুগ্ধকৰভাৱে ভাষণ দিয়া ,আবৃত্তি কৰা আদি বিভিন্ন গুণৰ বাবে বিভিন্ন সময়ত প্ৰশংসিত হোৱা ৰাজখোৱা এজন কবি, গল্পকাৰ আৰু প্ৰবন্ধকাৰ ।

'জোনাকৰ সপোনত হৃদয়ৰ গান' তেওঁৰ কবিতাপুথি । 'নিৰ্বাচিত কবিতা আলোচনা', 'ভিন্ন প্ৰসঙ্গ', 'বিহঙ্গম দৃষ্টিৰে সাহিত্যৰ পাঠ আলোচনা', 'কলং হাৰিয়াৰ এটি সেউজীয়া উপত্যকা' আদি তেওঁৰ অন্যান্য সৃষ্টি । 'কলংপাৰ', 'শিল্পী যজ্ঞ বেজবৰুৱাৰ গীত আৰু কবিতা', 'মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ অস্থিবজ্ৰ আৰু অন্যান্য','মলিন বৰাৰ গীত আৰু কবিতা' আদি তেওঁৰ সম্পাদিত গ্ৰন্থ ।

আকাশবাণী নগাঁও কেন্দ্ৰৰ অস্থায়ী ঘোষক ৰাজখোৱাই এটা সময়ত ৰাষ্ট্ৰভাষা বিশাৰদ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আৰু কৃষ্ণবৰা বি এড কলেজতো শিক্ষকতা কৰিছিল । সন্মান প্ৰদান অনুষ্ঠানত গজেন ডেকাৰ "অস্তাচলৰ সুৰুজ" উন্মোচন কৰে যাদব চন্দ্ৰ শৰ্মাই ।

শৰ্মাই নিজৰ ভাষণত আজিৰে পৰা সতীৰ্থ পদুম ৰাজখোৱা বাগভূষণ হিচাপে পৰিচিত হ'ব বুলি উল্লেখ কৰি অতি উপযুক্তভাৱে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে বুলি মন্তব্য দিয়ে । শিল্পী অঞ্জনজ্যোতি চৌধুৰী আৰু অমিয়া পাটৰে ভাষণ দিয়া অনুষ্ঠানত ঢোলৰ ওজা, লোক শিল্পী মহেন্দ্ৰ চুটীয়াক জীৱনযোৰা সাধনা বঁটা, যোৰহাটৰ বিশালজ্যোতি বৰাক ৰাজ্যিক কনিষ্ঠ বিজ্ঞানী বঁটা, যশস্বী অভিনেতা হিৰণ্য ডেকাক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, গায়ত্ৰী বৰাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা, নিৰ্মালি দাসক সংগীত মাধুৰী সন্মান প্ৰদান কৰা হয় ।

নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ অধ্যক্ষ ড° ত্ৰিবেণী শৰ্মাই শলাগ আগবঢ়োৱা অনুষ্ঠানত বিপুল মজুমদাৰ, প্ৰাৰ্থনা শৰ্মা, নন্দিতা গোস্বামী, শিখা বৰুৱা আদি শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো মোহময়ী কৰি তোলে ।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাক বাগভূষণ উপাধি প্ৰদান
ভুলবশতঃ ভাৰতীয় বিমান পালেগৈ পাকিস্তান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in