মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবক সাক্ষাৎ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা কেন্দ্ৰৰ প্ৰতিনিধিৰ

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবক সাক্ষাৎ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা কেন্দ্ৰৰ প্ৰতিনিধিৰ

ডিজিটেল সংবাদ, গুৱাহাটী : মঙলবাৰে শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰ (ন্যাস)ৰ সভাপতি উদ্ধৱ পাঠকৰ নেতৃত্বত এটি ৬জনীয়া দলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক কাৰ্যালয়ত সাক্ষাৎ কৰি কৰে। অহা ১৪ আৰু ১৫ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে মথুৰাত আয়োজন কৰা ‘মথুৰা-বৃন্দাবন মহোৎসৱ'ৰ প্ৰস্তুতি সম্পৰ্কত দিনৰ ডেৰ বজাত এক আলোচনাত মিলিত হয় দলটিয়ে।

১২ অক্টোবৰত ভকত-বৈষ্ণৱ আৰু আইমাতৃৰ প্ৰায় ১০০জনীয়া গোটে গুৱাহাটীৰ পৰা ৰে'লযোগে মথুৰালৈ যাত্ৰা কৰিব। অসমৰ ভকত বৈষ্ণৱসকলৰ লগতে স্থানীয় ভকত- বৈষ্ণৱসকলৰ সহযোগত বিশাল শোভাযাত্রা, ভাগৱত ভ্রমণ, আলোচনাচক্ৰ, নাম-প্ৰসংগ আদিৰ আয়োজন কৰা হৈছে। ১৫ অক্টোবৰৰ পুৱা বৃক্ষৰোপণৰ পাছতে দিনৰ ১১ বজাত ‘ভকত গৃহৰ' আধাৰশিলা স্থাপন কৰিবলৈ সাংসদ পৱিত্র মাৰ্ঘেৰিটাক আমন্ত্রণ জনোৱা হয়।

উল্লেখ্য যে, এই আঁচনিৰ বাবে তেখেতে সাংসদ পুঁজিৰ পৰা ২৫ লাখ টকাৰ আর্থিক অনুদান আগবঢ়াইছে। ২০২১ চনৰ ৬ মে'ত আঢ়ৈ বিঘা মাটি ক্রয় কৰি নামঘৰৰ ভেটি আৰু চাৰিসীমাৰ পকী দেৱালৰ কাম সম্পূৰ্ণ কৰা হৈছিল। নৱ-নির্মিত নামঘৰটি সম্পূৰ্ণ হৈ উঠিলে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ইয়াৰ দ্বাৰ উন্মোচনৰ মনস্থ কৰা কৰিছে কৰ্তৃপক্ষই।

মঙলবাৰৰ সজাতি দলটিত সভাপতিৰ উপৰি উপস্থিত আছিল কাৰ্যকৰী সভাপতি থানেশ্বৰ মালাকাৰ আৰু সদস্যসকল ক্ৰমে অবনী ৰঞ্জন পাঠক, কুশান চৌধুৰী, কুলদানন্দ চৌধুৰী আৰু ৰবীন্দ্ৰ নাথ দাস।

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবক সাক্ষাৎ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা কেন্দ্ৰৰ প্ৰতিনিধিৰ
প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীঃ কোন কোন নেতাই যোগদান কৰিব কংগ্ৰেছত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in