প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীঃ কোন কোন নেতাই যোগদান কৰিব কংগ্ৰেছত

প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীঃ কোন কোন নেতাই যোগদান কৰিব কংগ্ৰেছত

ডিজিটেল ডেস্কঃ বুধবাৰে মহানগৰীৰত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজন কৰা হয় যোগদান কাৰ্যসূচী। কেইবাটাও ৰাজনৈতিক দলৰ নেতাই এই যোগদান কাৰ্যসূচীতেই দলটোত যোগদান কৰিব বুলি ইতিমধ্যেই প্ৰকাশ পাইছে। অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতি দলটোত যোগদান কৰিব ৰাজনৈতিক নেতা-কৰ্মীয়ে।

উল্লেখ্য যে, প্ৰাক্তন বিপিএফ নেতা প্ৰবীণ বড়ো, প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, গণশক্তিৰ কাৰ্যকৰী সভাপতি মহিম হাজৰিকা, গণশক্তিৰ সম্পাদক তিলক ফুকন, হাইলাকান্দি জিলা পৰিষদৰ উপাধ্যক্ষ তথা অগপ নেতা হিলালুদ্দিন বৰভূঞাই বুধবাৰৰ এই কাৰ্যসূচীতেই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি বিভিন্ন দলৰ প্ৰাথমিক পৰ্যায়ৰ বহু নেতা-কৰ্মীৰ লগতে ইউ পি পি এলৰ সাংগঠনিক সম্পাদক ডঃ হাচান আৰা বেগম, লাচিত সেনাৰ সাংগঠনিক সম্পাদক কল্যান ভাগৱতী, শংকৰ সংঘৰ বিষয়ববীয়া দীপজ্যোতি চহৰীয়া আৰু ভাৰতীয় হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি কৌশিক ৰঞ্জন দে বিশ্বাসেও দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীঃ কোন কোন নেতাই যোগদান কৰিব কংগ্ৰেছত
নাৰ্কটিক বিভাগৰ বৃহৎ সফলতাঃ প্ৰায় ৫কোটি টকাসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in