‘শিক্ষাসেতু’ত দীৰ্ঘদিনে অনুপস্থিত ৪ সহস্ৰাধিক শিক্ষাগুৰু : দৰমহা স্থগিত ৰখাৰ সম্ভাৱনা !

‘শিক্ষাসেতু’ত দীৰ্ঘদিনে অনুপস্থিত ৪ সহস্ৰাধিক শিক্ষাগুৰু : দৰমহা স্থগিত ৰখাৰ সম্ভাৱনা !
Published on
Updated on

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৰকাৰৰ শিক্ষা বিভাগৰ ‘শিক্ষাসেতু’ এপত দীৰ্ঘদিনে অনুপস্থিত হৈ আছে ৩৩খন জিলাৰ ৪সহস্ৰাধিক শিক্ষক। বহুসংখ্যক শিক্ষকে শিক্ষাসেতু এপত তেঁওলোকৰ যি উপস্থিতি অন্তৰ্ভুক্ত কৰিব লাগে, সেই উপস্থিতিৰ প্ৰতি সহাৰি নিদিয়া পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত ৪জুলাইৰ দিনা ই-ফাইল ৩৭১৮৬/১২যোগে আই এ এছ বিষয়া নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এক পত্ৰযোগে এই কথা ৰাজহুৱা কৰে। অতিৰিক্ত জিলা আয়ুক্তসকললৈ প্ৰেৰণ কৰা পত্ৰখনত শিক্ষগুৰুসকলৰ অনুপস্থিতিৰ সবিশেষ উল্লেখ কৰে। ৩৩খন জিলাৰ ৪৯০৭গৰাকী শিক্ষকৰ উপস্থিতি নাই শিক্ষাসেতু এপত।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ২৯৪গৰাকী শিক্ষকৰ নাই উপস্থিতি। একেদৰে ধুবুৰী জিলাত ২৮৬গৰাকী শিক্ষকৰ নাই উপস্থিতি। এই সন্দৰ্ভত সবিশেষ তলত উল্লেখ কৰা হ'ল-

User
User

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নিৰ্দেশনা পত্ৰত উল্লেখ কৰা অনুসৰি যিসকল শিক্ষক এতিয়াও অনুপস্থিত হৈ আছে তেখেতসকলৰ শাৰীৰিক পৰ্যবেক্ষণৰ বাবে ৫জুলাইৰ দিনা স্কুল পৰিদৰ্শকক যাবলৈ নিৰ্দেশ দিয়া হৈছিল। শিক্ষকসকল কিয় এনদৰে অনুপস্থিত হৈ আছে সেই সম্পৰ্কে স্কুল পৰিদৰ্শক নাইবা ডিইইঅ'ক অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ উল্লেখ কৰা হৈছে। অন্যথা শিক্ষকসকলৰ মাহিলী দৰমহা স্থগিত ৰখাৰ সম্ভাৱনা আছে বুলি নিৰ্দেশনাত উল্লেখ কৰে।

‘শিক্ষাসেতু’ত দীৰ্ঘদিনে অনুপস্থিত ৪ সহস্ৰাধিক শিক্ষাগুৰু : দৰমহা স্থগিত ৰখাৰ সম্ভাৱনা !
তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সৰ্পদংশনৰ সজাগতা অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in