তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সৰ্পদংশনৰ সজাগতা অনুষ্ঠান

তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সৰ্পদংশনৰ সজাগতা অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ বেকাজান : তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত ,সম্প্ৰীতি মহিলা কোষ, শিক্ষক গোট আৰু  প্ৰাণীবিজ্ঞান বিভাগৰ সহযোগত যোৱা ৪ জুলাইত সৰ্পদংশন সম্পৰ্কত অনলাইনত এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ মালক্ষী দত্তই অনুষ্ঠানটি উদ্বোধন কৰে।

অনুষ্ঠানৰ আঁত ধৰি শিক্ষক গোটৰ সম্পাদক তথা প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ মানসী বৰ তামুলীয়ে আৰম্ভণিতে সৰীসৃপ আৰু সাপৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ বিষয়ে অৱগত কৰে। লগতে সিহঁতৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰে। 

শিক্ষক গোটৰ সভাপতি ডঃ জোনালী শইকীয়া বৰকটকীয়ে  দেশৰ  বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা অংশগ্ৰহণকাৰীসকলক আদৰণি ভাষণেৰে সম্ভাষণ জনায়। অনুষ্ঠানটোত সমল ব্যক্তিৰূপে বক্তব্য আগবঢ়াই সৰ্পদংশন বিশেষজ্ঞ তথা ডিমৌ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সংজ্ঞাহাৰ ডা: সুৰজিত গিৰীয়ে। 

ডা:  গিৰীয়ে তেঁওৰ বক্তব্যত উল্লেখ কৰে যে সর্পসমূহক জীয়াই থাকিবলৈ মানুহৰ দৰকাৰ নাই। কিন্তু  মানৱ প্ৰজাতি জীয়াই থাকিবলৈ সাপৰ প্ৰয়োজন আছে। কাৰণ প্ৰায় বিলাক সাপৰে প্ৰধান খাদ্য হৈছে এন্দুৰ। যদিহে সাপবোৰ কমি যায় এন্দুৰৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব আৰু মানুহৰ খাদ্য শস্যসমূহ নিঃশেষ কৰি পেলাব।

তাৰোপৰি  সাপৰ বিষৰ পৰা এন্টিভেনম তৈয়াৰ কৰাৰ উপৰিও কেঞ্চাৰকে ধৰি বহুকেইটা ৰোগৰ ঔষধ ও প্ৰস্তুত কৰা হয় বুলি উল্লেখ কৰে।  অসমত পোৱা বিভিন্ন প্ৰজাতিৰ বিষাক্ত আৰু বিষহীন সাপৰ বিষয়ে ও আলোচনা কৰা হয়।

প্ৰসংগ ক্ৰমে তেখেতে কয় যে  সাপে কেতিয়াও খেদি খেদি মানুহক আক্ৰমণ নকৰে। বৰং আত্মৰক্ষাৰ কাৰণেহে  মানুহক আক্ৰমণ কৰিব পাৰে।

গতিকে যদি আমি সততে সাৱধান হও, যেনে ৰাতি বাহিৰত ওলাওতে  পোহৰ এটা লৈ লও, আঠুৱা ভালকৈ খুচি শোৱাৰ অভ্যাস কৰোঁ, ঘৰৰ যি কোনো বিন্ধাৰ মুখত জালনা লগোৱাৰ ব্যৱস্থা কৰোঁ তেন্তে নিশ্চয় আমাৰ বিপদ নহয়। যদি কেনেবাকৈ সৰ্পদংশন হয় তেতিয়া কিন্তু  অলপো পলম নকৰি  চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিবই লাগিব।

পলম হোৱা মানেই সৰ্পদংশিত ৰোগীক বচোৱাৰ আশা কমি যোৱা। তেখেতে লগতে উল্লেখ কৰে যে সাপে খুঁটিলে  ক্ষত স্থানৰ আশে পাশে কেতিয়াওঁ বান্ধ দিব নালাগে ৷ কাৰণ প্ৰবাহিত হৈ থকা তেজত যোৱা বিষ কেতিয়াও বান্ধ দি ৰাখিব নোৱাৰে। বৰঞ্চ ঘাঁ দোখৰ শুকুৱা প্ৰক্ৰিয়াহে মন্থৰ হৈ যায়।

অন্য জীৱ জন্তুৱে কামুৰিলে যেনেকৈ চাবোন পানীৰে ভালকৈ ধুব লাগে সাপে খুঁটিলে কিন্তু কেতিয়াও ধুব নালাগে।  এন্টিভেনম উপলব্ধ হোৱা নিকটৱৰ্তী চিকিৎসা কেন্দ্ৰলৈ তৎক্ষণাত লৈ যাব লাগে।  তেখেতে জনসাধাৰণৰ সঁহাৰিয়েহে অসমত সৰ্পদংশন ত মৃত্যু শূণ্য কৰাত সহায় কৰিব বুলি উল্লেখ কৰে। যিটো তেখেতৰ এই অভিযানৰ মূল লক্ষ্য।

উক্ত অনুষ্ঠানটো কাৰিকৰী দিশত সুন্দৰভাৱে পৰিচালনা কৰে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডঃ ধ্ৰুৱজ্যোতি বৰগোঁহাইয়ে। অনুষ্ঠানৰ শেষত শিক্ষক গোটৰ সম্পাদকে সকলোকে ধন্যবাদ জনাই আৰু শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠান সামৰণি মাৰে।

তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সৰ্পদংশনৰ সজাগতা অনুষ্ঠান
সোণালী কৃষক উৎপাদক কোম্পানীৰ সুলভ মূল্যত পাচলি বিক্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in