/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/365e97f5-93e1-405e-a416-e8f9d6d7ed7d/dhuli.jpg)
ডিজিটেল ডেস্ক : প্ৰগতিশীল কবি-সাহিত্যিক,চিন্তাবিদ ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। এক শোক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "আমি হেৰুৱালোঁ এজন মানৱদৰদী সমন্বয়-সংহতিৰ নিষ্ঠাবান কবি-সাহিত্যিকক । অসমক প্ৰাণৰ সমান ভাল পাইছিল বলিষ্ঠ সাহিত্যিকগৰাকীয়ে ।"
কবি-লেখক ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত নিশুতি মজুমদাৰ, ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, ভৱ ডেকা,দেবেন্দ্ৰনাথ বসুমতাৰী, অৱনী ৰঞ্জন পাঠক, কমল কলিতা আদিয়ে শোক প্ৰকাশ কৰে। ইফালে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ,মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, ৰং আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/47739570-559e-4c20-aab0-d540d90e3cc7/ab240f08_6a9b_4abf_9d3e_7078e2d22ed3.jpg)
লগতে উক্ত ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে একেমুখে কয় আমি হেৰুৱালোঁ দিগগজ চিন্তাৰ এজন সাহিত্য মনীষীক। প্ৰয়াত সৰকাৰৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।
Also Read: চুপাৰি মাফিয়াক ধন দাবীৰ অভিযোগত ৫গৰাকী আৰক্ষী-কৰ্মচাৰীক গ্ৰেপ্তাৰ