বিৰোধী ঐক্য মঞ্চৰ মুখ্য সচিবক সাক্ষাৎঃ ডিলিমিটেচন সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান...

ৰিপুণ বৰা, লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ১২ ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে দিলে স্মাৰক পত্ৰ
বিৰোধী ঐক্য মঞ্চৰ মুখ্য সচিবক সাক্ষাৎঃ ডিলিমিটেচন সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান...
বিৰোধী ঐক্য মঞ্চৰ মুখ্য সচিবক সাক্ষাৎঃ ডিলিমিটেচন সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান...
Published on
Updated on

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডিলিমিটেচন প্ৰক্ৰিয়া কেৱল শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক জড়িত কৰি প্ৰকাশ কৰা চৰকাৰী জাননী বাতিল কৰিবৰ বাবে আজি বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধিসকলে মুখ্য সচিবক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ১২টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে আজি মুখ্য সচিবগৰাকীক সাক্ষাৎ কৰি বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ প্ৰতিবাদ জনাই আৰু ডিলিমিটেচনৰ জাননী শুদ্ধ কৰি নতুনকৈ দিবৰ বাবে আহ্বান জনায়।

প্ৰতিনিধি দলটোত কংগ্ৰেছ দলৰ হৈ বিধায়িকা নন্দিতা দাস, এনচিপিৰ পৰেশ বৰুৱা, চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, ৰাইজৰ দলৰ চিন্ময় বৰা, চিপিআইএমএলৰ বলীন্দ্ৰ শইকীয়া, পিএলপিৰ চৰণ ডেকা, চিপিআইএমৰ নগেন ভূঞা, ফৰৱাৰ্ড ব্লকৰ তপন দেৱনাথ উপস্থিত থাকে। মুখ্য সচিবগৰাকীয়ে বিৰোধী ঐক্য মঞ্চৰ স্বাৰক পত্ৰ গ্ৰহণ কৰি বিষয়টো বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে।

বিৰোধী ঐক্য মঞ্চৰ মুখ্য সচিবক সাক্ষাৎঃ ডিলিমিটেচন সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান...
ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উদিত কলিতাক সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in