কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিৰ বাবেই অসমত বিফল হ’ল বিৰোধী মিত্ৰতা : আপ সভাপতি ডা০ ভবেন চৌধুৰী

কংগ্ৰেছ-এজেপিৰ প্ৰাৰ্থীক বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো বন্ধ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক দাবী

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিৰ বাবেই অসমত বিফল হ’ল বিৰোধী মিত্ৰতা : আপ সভাপতি ডা০ ভবেন চৌধুৰী

ডিজিটেল সংবাদ,গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছৰ বিৰোধী ঐক্যৰ ভূমিকাত অসন্তুষ্ট আপ অসমৰ সভাপতি ডা০ ভবেন চৌধুৰী। বুধবাৰে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কঠোৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হয়।

Advertisment

আপ অসমৰ সভাপতি ডা০ চৌধুৰীয়ে কংগ্ৰেছ-এজেপিৰ প্ৰাৰ্থীক বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো বন্ধ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক দাবী জনায়। "কংগ্ৰেছ-এজেপিৰ নেতা আৰু প্ৰাৰ্থীয়ে সংবাদ মাধ্যমত মিছা প্ৰচাৰ কৰা বন্ধ কৰক ৷ তেওঁলোক UOFA বা INDIA মিত্ৰজোঁটৰ প্ৰাৰ্থী নহয়।" বুলি ড° ভবেন চৌধুৰীয়ে মন্তব্য কৰে।

ইয়াৰোপৰি ডা০ চৌধুৰীয়ে একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই কয়- ২৪ ঘন্টাৰ ভিতৰত বিৰোধী ঐক্যমঞ্চৰ ১৬ টা দলৰ স্বাক্ষৰৰ সৈতে লোকসভাৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণাপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায়। যদি ২৪ ঘন্টাৰ ভিতৰত এনে কোনো ঘোষণা প্ৰকাশ নহয়, তেন্তে অসমত যে কেৱল কংগ্ৰেছ আৰু এজেপিৰহে মিত্ৰতা আছে সেই কথা স্পষ্ট হ’ব বুলিও ডা০ ভবেন চৌধুৰীয়ে স্পষ্টভাৱে মন্তব্য কৰে।

"গুৱাহাটীৰ আসন প্ৰত্যাহাৰ কৰি আপৰ সৰ্বোচ্চ ত্যাগৰ পিছতো অসমত বিৰোধী ঐক্য" বুলি আপ অসমৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিৰ বাবেই অসমত বিৰোধী মিত্ৰতা বিফল হ’ল বুলি কঠোৰ সমালোচনা কৰে।

প্ৰসংগ ক্ৰমে আপ অসমৰ সভাপতি ডা০ চৌধুৰীয়ে কয়- শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ আসনৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ নকৰি কংগ্ৰেছে প্ৰমাণ কৰিলে যে বিজেপিক পৰাস্ত কৰাৰ কোনো আগ্ৰহ কংগ্ৰেছৰ নাই।

Also Read: ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি

BHABEN CHOUDHURY aap assam bhupen bora loksabha election AJP congress