/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bb38e23d-fce1-4b4d-b6eb-df5878b67f8b/93.jpg)
ডিজিটেল ডেস্ক : বতৰ বিজ্ঞান কেন্দ্ৰ দিয়া আগজাননী অনুসৰি ৰাজ্যত আৰম্ভ হৈছে বৃষ্টিপাত। বুধবাৰৰ পৰা ৰাজ্যৰ ৰাজধানী গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত চেগাচেৰাকৈ আৰম্ভ হৈছে বৰষুণ।
ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ১৮খন জিলাত জাৰি কৰিছে ইয়াল্লো এলাৰ্ট। ২৩মাৰ্চলৈকে ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে কেন্দ্ৰই।
কামৰূপ(মহানগৰ),কামৰূপ(গ্ৰাম্য), নলবাৰী, চিৰাং, দক্ষিণ শালমাৰ, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা আদি জিলাসমূহত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। এই সমূহ জিলাত অনাগত ৩দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
Also Read: মন্ত্ৰী পীযুষৰ আহ্বানত সাংবাদিকৰে মত-বিনিময় ৰূপজ্যোতি কুৰ্মীৰ