মহানগৰীত নতুন হস্তনিৰ্মিত গহনাৰ দোকান "Ishq Store"...

দেওবাৰে গুৱাহাটী মহানগৰীৰ জয়ানগৰত শুভ উদ্বোধন কৰা হয় হস্তনিৰ্মিত গহনাৰ দোকান "Ishq Store"ৰ

author-image
Asomiya Pratidin
New Update
মহানগৰীত নতুন হস্তনিৰ্মিত গহনাৰ দোকান "Ishq Store"...

ডিজিটেল ডেস্ক : মহানগৰীত উন্মোচন হ'ল নতুন গহনাৰ দোকান "Ishq Store"। দেওবাৰে গুৱাহাটী মহানগৰীৰ জয়ানগৰত শুভ উদ্বোধন কৰা হয় হস্তনিৰ্মিত গহনাৰ দোকান "Ishq Store"ৰ। গহনাৰ দোকানখনিৰ শুভ উদ্বোধন কৰে ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে। আনহাতে শুভ উদ্বোধনিৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে হাৰ্টথ্ৰব জুবিন গাৰ্গ।

Advertisment

নতুনকৈ সংযোজিত হোৱা উক্ত গহনাৰ দোকানখন উদ্বোধন কৰি গৰিমা শইকীয়া গাৰ্গে দোকানৰ স্বতাধিকাৰীৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় "মই "Ishq Store"ৰ উদ্বোধন কৰি আনন্দিত হৈছো। "Ishq Store"ৰ প্ৰতিটো গহনাৰ টুকুৰাই হৈছে এক শিল্পকৰ্ম। যিবোৰ পৰিধানকাৰীৰ ব্যক্তিত্বক প্ৰতিফলিত কৰিব পৰাকৈ সতৰ্কতাৰে প্ৰস্তুত কৰিছে।" আনহাতে কিংবদন্তী শিল্পী, গায়ক, অভিনেতা তথা পৰিচালক জুবিন গাৰ্গেও দোকানখনিত উপলব্ধ হোৱা হস্তনিৰ্মিত গহনাৰ সৌন্দৰ্যতা তথা আকৰ্ষণ দেখি স্বনিয়োজনৰ বাট দেখুওৱা স্বতাধিকাৰীগৰাকীৰ শলাগ লয়।

উল্লেখ্য স্বতাধিকাৰীগৰাকীয়ে জনোৱা মতে "Ishq Store"ৰ লক্ষ্য হৈছে অসমৰ সৌন্দৰ্যতাৰ প্ৰতীক সমূহক গহনাৰ জৰিয়তে দাঙি ধৰি থলুৱা সামগ্ৰীয়ে অসমৰ বজাৰ দখল কৰা।

Also Read: এইবাৰ তেজস্বী যাদৱৰ পাল; চিবিআইৰ চাৰ্জশ্বীট তেজস্বী যাদৱলৈ...

zubeen garg Garima Saikia Garg