/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d25d2d3a-c21d-4e5b-8c3d-cc8721e6179f/Pijush.jpg)
ডিজিটেল ডেস্ক: জ্যেষ্ঠ সাংবাদিক প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ আৰ্থিক সাহাৰ্য। আজি মন্ত্ৰী পীযুষ হাজৰীকাই এক লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় পৰিয়ালটোলৈ।
মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ সৈতে হোৱা আলোচনা মৰ্মে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ব্যক্তিগত ভাৱে এই সাহাৰ্য আগবঢ়ায় প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পত্নী জোনটি বৰাক। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই আগবঢ়োৱা এই সাহাৰ্যৰ বাবে প্ৰয়াত সাংবাদিকগৰাকীৰ পত্নী বৰাই ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পূৰ্বজ্যোতি চুতীয়াৰ ২০২১ চনত ৫২ বছৰ বয়সত গুৱাহাটীত অসুস্থ হৈ আকস্মিক মৃত্যু ঘটে। চুতীয়াদেৱ ৰাজ্যখনৰ কেইবাটাও আগশাৰী সংবাদগোষ্ঠীৰ সৈতে জড়িত আছিল। দৈনিক বাতৰি কাকত, আমাৰ অসম, জনসাধাৰণ, নিয়মীয়া বাৰ্তা আদি কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰিছিল প্ৰয়াত চুতীয়াই। মৃত্যুৰ সময়ত তেওঁ নিয়মীয়া বাৰ্তা কাকতত নিউজ এডিটৰ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে জ্যেষ্ঠ সাংবাদিক চুতীয়া জনসাধাৰণ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Also Read: National Youth Day 2023: জন্ম জয়ন্তীত স্বামী বিবেকানন্দক দেশজুৰি স্মৰণ