হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনৰ দিনটোতে উন্মোচিত হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰ...

হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনৰ দিনটোতে উন্মোচিত হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰ...
হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনৰ দিনটোতে উন্মোচিত হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰ...

ডিজিটেল ডেস্কঃ 'হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনৰ দিনটো অসমীয়া জাতিৰ অন্যতম জন্মদিনৰ নিচিনা।' এই মন্তব্য প্ৰখ্যাত শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীৰ। হেমকোষৰ পঞ্চদশ পৰিশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ আৰু প্ৰথম অসমীয়া ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰৰ আজি উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত আক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে ড০ অমৰজ্যোতি চৌধুৰী, অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ, বড়ো সাহিত্য সভাৰ ৬ বাৰৰ সভাপতি তৰেণ বড়োৱে।

উদ্বোধনী ভাষণত ড০ অমৰজ্যোতি চৌধুৰীয়ে কয়, যিখন গ্ৰন্থৰ বাবে অসমীয়া জাতিয়ে প্ৰতীক্ষা কৰি থাকে, যিখনৰ পুনৰ সংস্কৰণৰ বাবে জাতিটোৱে অপেক্ষা কৰি থাকে, সেই হেমকোষৰ পঞ্চদশ তাঙৰণৰ উন্মোচন প্ৰক্ৰিয়াৰে জড়িত হ'বলৈ পাই আনন্দ অনুভৱ কৰিছো। এয়া মোৰ জীৱনৰ অন্যতম অতি শ্ৰদ্ধাৰ মুহূৰ্ত।

হেমচন্দ্ৰ বৰুৱাৰ দুৰ্যোগপূৰ্ণ জীৱনৰ কথা উল্লেখ কৰি তেওঁ কয়, আমি যদি হেমচন্দ্ৰ বৰুৱাৰ জীৱনলৈ চাওঁ তেন্তে তেখেতৰ জীৱন দৰাচলতে দুৰ্যোগৰ এখন চলচ্চিত্ৰ বুলি ক'ব পাৰি। তেখেতৰ জন্মৰ কিছুদিন আগতে দেশ পৰাধীন হৈছে। সমাজে তেখেতক পৰাধীনতাৰ গ্লানি দিছে। তেখেতক বৰ্ণামালা নিশিকোৱাকৈয়ে আখৰৰ জোঁটনি শিকোৱা পিতৃও কিছু দিনৰ পাছতে মৃত্যু হৈছিল। এইজনে মানুহলৈ সমাজে দিয়া বৰঙণি বিয়োগৰ ঘৰত।

কিন্ত তাৰ সলনি সমাজক তেওঁ কি দিছে বুলি যদি প্ৰশ্ন কৰো তেন্তে আছাম নিউজ কাকত পঢ়ি চালেই দেখিম তেওঁ অসমীয়া জাতিক এটা জাতীয় চেতনা দিছে। সেই দূৰ্যোগৰ সময়ত মূৰ তুলি থিয় দিয়াৰ এক সাহস দিছে। সেই কাৰণেই হেমচন্দ্ৰ বৰুৱা অকলেই দুৰ্যোগৰ অক্লান্ত প্ৰহৰী। অক্লান্ত যুঁজাৰুহৈ তেওঁ জয়ী হৈ ওলাই আহিছে।

তেওঁ কয়, ইটালিয়ান চিনেমা নিৰ্মাতা ফেডেৰিকো ফ্ৰেলেনিয়ে কৈছিল, প্ৰত্যকটো আন ভাষা এক আন জীৱন দৃষ্টিৰ নিচিনা। বিখ্যাত ভাষাবিজ্ঞানী উইগেন ষ্টানে কৈছিল, যদি আমাৰ যিকোনা এটা ভাষাৰ সীমাবদ্ধতা থাকে তেন্তে এই ভাষাৰ সীমাবদ্ধতাই আমাৰ দৃষ্টিৰো সীমাবদ্ধতা। ভাষা যিমানে সমৃদ্ধ হয়, সিমানে এখন সমাজ চিন্তা, চেতনাৰে সমৃদ্ধ হয়। ভাষাটোক তুলি ধৰে শব্দ, শব্দৰ গাঁথনি, ব্যাকৰণে। এই প্ৰসংগত তেওঁ প্ৰসিদ্ধ কবি হীৰেন ভট্টাচাৰ্যৰ ''শব্দৰ সতে মোৰ অভিন্ন সংসাৰ/ যাৰে, খণ্ড-খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ স্বকাল'' শীৰ্ষক কবিতা ফাকিও আওঁৰাই।

তেওঁ কয়, অসমীয়া শব্দৰ মুঠিটো যিগৰাকী ব্যক্তিয়ে আমাৰ সমাজ জীৱনৰ কাৰণে আনি, ধুই পশালি আমাৰ অসমীয়া সমাজক তুলি ধৰিলে সেইগৰাকী হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ আমাৰ অসমীয়া ভাষাৰ কীৰ্তিস্তম্ভৰ লেখিয়া। সেই কীৰ্তিস্তম্ভৰে পঞ্চদশ সংস্কৰণৰ উন্মোচন কৰিবলৈ পাই মই অত্যন্ত গৌৰৱাম্বিত অনুভুৱ কৰিছো।

সাধাৰণতে পণ্ডিতসকল তেওঁলোকৰ কেৱল নিজৰ সাধনাতে ব্যস্ত থাকে। আনৰ কথা ভাবিবলৈ সময় সাধাৰণতে নাপায়। কিন্তু সেইখিনি সময়ৰ হ'লেও হেমচন্দ্ৰ বৰুৱাই সাধাৰণ মানুহৰ দুখ, বেদনা, তেওঁলোকৰ কষ্ট, সামৰ্থৰ কথা যিধৰণে ভাবিছিল সেয়া অতুলনীয়।

Graphics

জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখি থৈ গৈছে হেমচন্দ্ৰ বৰুৱাৰ 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' গ্ৰন্থখনত আত্মজীৱনীতকৈ ব্যক্তিত্ব বেছি ভালকৈ প্ৰকাশ পাইছে। 'কানিয়াৰ কীৰ্তন'ৰ জৰিয়তে কানি বৰবিহৰ বিৰুদ্ধে যিদৰে যুঁজ দিছিল তাৰ ব্যাপ্তি দিছে। ঠিক সেইদৰে 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' গ্ৰন্থখনে কিধৰণে বিজ্ঞান মনস্কতা গা কৰি উঠিব লাগে সেইখিনি সময়তে তুলি ধৰিছিল।

বহুতে অসমীয়া ভাষাৰ শংকাৰ কথা কয়। মই কিন্তু অসমীয়া ভাষাক লৈ শংকাৰ কথা আছে বুলি নাভাবো। আজি কিছু দিনৰ পৰা অসমীয়া ভাষাত কিছু নীৰৱ প্ৰচেষ্টা চলি আছে। আটাইতকৈ ডাঙৰ কথা আমাৰ নতুন চামৰ এচাম লেখক-লেখিকাই বয়সীয়াল সকলতকৈও শক্তিশালী ৰূপত তেওঁলোকৰ জীৱন-দৃষ্টি লিখিবলৈ আৰম্ভ কৰিছে। গতিকে মই নাভাবো অসমীয়া জাতি, অসমীয়া ভাষাৰ প্ৰতি শংকা আহিছে। হয়, কিছুমান মানুহে অসমীয়া ভাষা ক'বলৈ এৰিছে। কিন্তু যিসকলে ক'বলৈ ধৰিছে তেখেতসকলৰ মাজত এই নতুন প্ৰত্যয় আহিছে। নতুন প্ৰত্যয়ৰে জীৱনক চাই এই শব্দলানিৰে তেওঁলোকে নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে। মই এইটো অত্যন্ত আশাৰ সময় বুলি অভিহিত কৰিব খোজো।

ইফালে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই নিজৰ ভাষণত 'দ্যা মেকিং অফ হেমকোষ'- এনেধৰণৰ এটা বিষয়ক লৈ এখন গ্ৰন্থ প্ৰকাশৰ পোষকতা কৰে। কেনেকৈ ১৯০০ চনত প্ৰকাশ আৰম্ভ হোৱা হেমকোষখনে ক্ৰমান্বয়ে ক্ৰমান্বয়ে আগবাঢ়ি গৈ পঞ্চম প্ৰজন্মলৈকে আগবাঢ়ি আহিছে, কেনেধৰণে ইয়াৰ সম্পাদনাসমূহ হৈ আছে, কেনেধৰণে এই গ্ৰন্থখনৰ ব্ৰেইল পদ্ধতিৰে গোটেই বিশ্বত এক অভিলেখ সৃষ্টি কৰিব পাৰিলে সেই বিষয়বোৰক লৈ এসময়ত গৱেষণাৰ বিষয় হ'ব পাৰে। সেয়ে ইয়াৰ লগত জড়িত ব্যক্তি, কেনেদৰে হেমচন্দ্ৰ বৰুৱাই তেওঁৰ জীৱনকালত এই কাম কৰিছিল এই বিষয়বোৰ লৈ এখন গ্ৰন্থ প্ৰকাশ কৰিলে সেয়া এক সুদূৰপ্ৰসাৰী গ্ৰন্থ হৈ উঠিব বুলিও অনুভৱ কৰে বুলি কয়।

প্ৰসংগক্ৰমে হেমকোষখনক ভূপেন হাজৰিকাই শ্লিপিং টেবলেটৰ দৰে ব্যৱহাৰ কৰি গৈছে বুলি তেওঁ উল্লেখ কৰি কয়, মোক এবাৰ ভূপেন হাজৰিকাই কৈছিল হেমকোষখন মোৰ বাবে শ্লিপিং টেবলেটৰ দৰে। সকলো ঠিকে নাথাকিলে সন্ধিয়া মই হেমকোষখন মেলি লও। হেমকোষখন মোৰ বাবে গল্প, উপন্যাস। সেয়েহে হেমকোষখনক অভিধান হিচাপে নলৈ গল্প, উপন্যাসৰ দৰে পঢ়িব লাগে বুলিও তেওঁ কয়।

আন এগৰাকী উন্মোচক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে শৈশৱতে তেওঁলোকে শুনা এটা সাধুৰে নিজৰ ভাষণৰ পাতনি মেলে। আমি শৈশৱত শুনিছিলো হেমচন্দ্ৰ বৰুৱাই গোটেই ৰাতিও অভিধানৰ কাৰণে কাম কৰি আছিল। ঠিক তেনেকৈয়ে কোনোবা এদিন কম পোহৰত ৰাতি কাম কৰি থকাৰ সময়তে এটা চোৰ আহিছিল। কিন্তু দেখিলে এই মানুহজন কেতিয়াও নুশুৱে। এটা সময়ত চোৰটো বিৰক্ত হৈ এটা শব্দৰে হেমচন্দ্ৰ বৰুৱাক গালি পাৰি ওলাই গ'ল। লগে লগে হেমচন্দ্ৰ বৰুৱাই শব্দটো শুনি ক'লে- ঐৰচোন শব্দটো কৈ যা। এই কথাই বুজাই এজন মানুহে এক সৃষ্টিৰ বাবে কিদৰে ব্যস্ত হৈ থাকিব পাৰে। তেখেতৰ আত্মনিয়োগ, আত্মপ্ৰত্যয় আৰু দৃঢ়তাৰ বাবেই হয়তো অসমীয়া ভাষাই আজি বৰ্তমান পৰ্যায় পাইছে।

তেওঁ কয়, হেমকোষৰ ব্ৰেইল সংস্কৰণ হৈছে, ব্যাকৰণৰ ব্ৰেইল সংস্কৰণো আজি উন্মোচিত হৈছে। এই কাম অকল হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালটোৰ মাজতে সীমাবদ্ধ নাথাকি আমি গুৱাহাটী বিশ্ববিদ্যালয়ে এই মহান প্ৰকল্পৰ সৈতে জড়িত হ'বলৈ আগ্ৰহী। ভৱিষ্যতে হেমকোষৰ পৰিবৰ্ধন, অসমীয়া ব্যাকৰণৰ পৰিবৰ্ধন, সংস্কৰণৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ো অংশীদাৰ হৈ থাকিম। আনুষ্ঠানিকভাৱে আমি এই পদক্ষেপ গ্ৰহণ কৰিম।

তিনিওগৰাকী উন্মোচকেই জয়ন্ত বৰুৱাক হেমকোষৰ পঞ্চদশ সংস্কৰণৰ লগতে অসমীয়া ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰ আৰু ইতিপূৰ্বে প্ৰকাশিত হৈ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা হেমকোষ ব্ৰেইলৰ বাবে ভূয়সী প্ৰশংসা কৰে। অসমীয়া জাতিৰ হৈ ড০ অমৰজ্যোতি চৌধুৰী, সূৰ্যকান্ত হাজৰিকাই ধন্যবাদ জ্ঞাপন কৰে।

হেমকোষৰ পঞ্চদশ সংস্কৰণৰ সৈতে জড়িত হৈ থকা তথা গোটেই প্ৰক্ৰিয়াটোত অভিভাৱকত্বৰ দায়িত্ব পাল কৰা তিনিগৰাকী ভাষাবিদৰ অন্যতম ড০ বসন্ত গোস্বামীয়ে চমু ভাষণত হেচমন্দ্ৰ বৰুৱাক পাটকাই পৰ্বতৰ সমান ওখ ব্যক্তি বুলি উল্লেখ কৰে। তেওঁ কয়, উনবিংশ শতিকাৰ আটাইতকৈ ওখ মানুহজন কিমান ওখ আছিল, সেয়া আমি তুলনা কৰিব পাৰোঁ পাটকাই পৰ্বতৰ কলচীটোৰ লগতহে। সেই গৰাকীৰ চৰণত প্ৰথমে সেঁৱা নিবেদিছো।

তেওঁ হেমকোষৰ ব্ৰেইল সংস্কৰণক এক অভূতপূৰ্ব কৰ্ম আখ্যা দি জয়ন্ত বৰুৱাই এই কাম কৰি আচলতে অসমীয়া ভাষাক বিশ্বৰ দৰবৰাত প্ৰতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠানৰ বাবে ড০ গোলোক গোস্বামী প্ৰমুখ্যে কেইজনমান মহান অসমীয়াই যি প্ৰচেষ্টা কৰিছিল সেই চুটি তালিকাখনত অগ্ৰগণ্য নহলেও জয়ন্ত বৰুৱা প্ৰথমশাৰীত বহিবৰ গণ্য বুলিও কয়।

তেওঁ কয়, হেমকোষে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু অসমীয়া মানুহৰ মনটো সমগ্ৰ বিশ্বত প্ৰতিপাদন কৰাৰ পিছত তাতোকৈ এটা মহতোমহিয়ান কাম হৈছে প্ৰথম অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ। অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ বৰুৱাই ১৮৫৯ চনত লিখিছিল। কিন্তু সেইখন তেখেতে নাকচ কৰিছিল। নাকচ কৰাৰ কাৰণ তেওঁ দ্বিতীয়খন ব্যাকাৰণত উল্লেখ কৰি গৈছে। সেয়ে ১৮৭৩ চনত প্ৰকাশিত যিখন অসমীয়া ব্যাকৰণ সেইখনকে প্ৰথম অসমীয়া ব্যাকৰণ বুলি স্বীকৃতি অসমীয়া সমাজে দিছে।

তেওঁ কয়, এই ব্যাকৰণখনৰ যি ব্ৰেইল সংস্কৰণৰ কৰা হ'ল, মই বহুদিন খুচৰি খুচিৰ দেখিলো বিশ্বৰ বহু ঠাইত ব্ৰেইলৰ নটেশ্বন উলাইছে কিন্তু ব্যাকৰণ হিচাপে এইখন দ্বিতীয় হ'ব বুলি মই অনুভৱ কৰো। প্ৰথম ব্ৰেইল ব্যাকৰণ আছিল লণ্ডনত ব্ৰিটিছ ব্ৰেইল। ব্ৰিটিছ ব্ৰেইলত কেৱল ফ্ৰনলজী বা নটেশ্বনতে গুৰুত্ব দিয়া নাই। ব্যাকৰণে ভাষাৰ পৰিশিলিত ৰূপটো শিকাই দিয়ে।

তেওঁ অসমীয়া ব্যাকৰণ ব্ৰেইল লিপ্যন্তৰ কৰি জয়ন্ত বৰুৱা আৰু তেওঁৰ পৰিয়ালেই সাৰ্থক হোৱা নাই বৰঞ্চ সমগ্ৰ অসমবাসীকে মহিয়ান কৰিলে বুলিও কয়। তেওঁ কয়, জয়ন্ত বৰুৱাৰ পৰিয়ালটোত যি স্বদেশ, স্বজাতিৰ প্ৰেমৰ ধাৰাল অনুৰাগ আছে সেয়া পৰিয়ালটোৰ পূৰ্বজৰ তেজৰ পৰাই লাভ কৰিছে। তেওঁলোকক একা-চেকা বৰুৱা বংশৰ বুলি কোৱা হয়। ৰজা জয়ধ্বজ সিংহই এই নাম দিছিল।

ইফালে হেমকোষৰ পঞ্চদশ সংস্কৰণৰ অভিভাৱকত্বৰ দায়িত্ব পালন কৰা আন এগৰাকী ভাষাবিদ ড০ মালিনী গোস্বামীয়ে অভিধানখনৰ পঞ্চদশ সংস্কৰণ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যিবোৰ নীতি মানি চলিছিল সেইবোৰ উল্লেখ কৰে। তেওঁ কয়, হেমকোষৰ প্ৰথমসংস্কৰণৰ লক্ষ্যণসমূহ হেমকোষৰ পঞ্চদশ সংস্কৰণে যাতে ৰক্ষা কৰিব পাৰে তালৈ সততে লক্ষ্য ৰখা হৈছে। হেমকোষ অসমীয়া ভাষাৰ অভিধান সেই কথা ক্ষণে ক্ষণে, পদে পদে আমি মনত ৰাখি কামত আগবাঢ়িছিলো।

অসমীয়া ভাষাৰ বোৱতী গতিৰ পাৰে পাৰেহে পঞ্চদশ সংস্কৰণ আগবাঢ়িছে। সেয়েহে ভাষাৰ সোঁতত উটি অহা নতুন শব্দ এই সংস্কৰণে সামৰি লৈছে। নতুন প্ৰবৃষ্টিয়ে সেই হিচাপে ৩,৬০০ সংখ্যক শব্দক অতিক্ৰম কৰিছে।

প্ৰথম সংস্কৰণৰ পাতনিৰ প্ৰথম স্বেদতে হেমচন্দ্ৰ বৰুৱাই আক্ষেপ কৰি কৈছে- সংস্কৃতিক আদৰ আৰু দেশী ভাষাক হেয় কৰাৰ বাবে অসমীয়া ভাষাৰ শব্দৰ সংখ্যা কম। কিন্তু আমি কাম কৰি অনুভৱ কৰিছো অসমীয়া ভাষাত আচলতে শব্দৰ অভাৱ নাই। হেমচন্দ্ৰ বৰুৱাৰ এই আক্ষেপৰ প্ৰতি সন্মান জনাই আমি যথেষ্ট সংখ্যক দেশী শব্দ, স্থানীয় শব্দ ইয়াত সংযোগ কৰাৰ কথা এটা নীতি হিচাপে গ্ৰহণ কৰিছো। পূৰ্বতে অভিধানবোৰত উজনি, নামনি, কামৰূপ, দৰং, গোৱালপাৰা আদিৰ বাবে ৰখা সংকেট চীহ্নবোৰ এইবাৰ সমূলি বৰ্জন কৰা হৈছে। জনগোষ্ঠীয় উৎসৱ, পাৰ্বন, সাজ-পোচাক, আ-অলংকাৰ, গীত-নৃত্য, বাদ্য আদিৰ লগত জড়িত বহু শব্দ অসমীয়া ভাষাত সন্ধালনীকৈ ব্যৱহাৰ হ'বলৈ ধৰিছে। বিহু মঞ্চ, দূৰদৰ্শন, চলচ্চিত্ৰ আদিৰ জৰিয়তে ভালেমান জনগোষ্ঠীয় কলা-সামগ্ৰী অসমীয়া মানুহৰ লগতে ভাৰতত, বিশ্ব সংস্কৃতিৰ ক্ষেত্ৰখনতো ইতিমধ্যে পৰিচিত হৈ পৰিছে। তেনেবোৰ শব্দই এতিয়াই অসমীয়া অভিধানত মান্যতা পোৱা উচিত বুলি বিবেচিত হয় আৰু কাম কৰোঁতে এই কথাষাৰ আমি বিশেষভাৱে মনত ৰাখি আগবাঢ়িবলৈ চেষ্টা কৰিছিলো।

অসমৰ চাৰিওসীমাতে অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যৰ অৱস্থিতি হোৱাৰ বাবে সীমামূৰীয়া ঠাইসমূহৰ দুয়ো ৰাজ্যৰ কিছুমান উমৈহতীয়া শব্দৰ প্ৰচলন আছে। তেনে সীমামূৰীয়া ভাষা যাক 'বৰ্ডাৰ লেংগুৱেজ' বুলি কোৱা হয় তেনে ব'ৰ্ডাৰ লেংগুৱেজৰ বাৰংবাৰতা বুজি পঞ্চদশ সংস্কৰণত সেইখিনি সামৰি লৈছো।

তদুপৰি যোগাযোগ, বিনিময় আৰু বিজ্ঞান অগ্ৰগিতৰ ফলত যিবোৰ বিদেশী শব্দ অসমীয়া ভাষাত সন্ধালনীকৈ ব্যৱহাৰ হৈছে যেনে- চিলিণ্ডাৰ, চেক, চেলাইন, বেংক, অডিট ইত্যাদি শব্দৰ কোনো অসমীয়া ভাষান্তৰ বা ৰূপান্তৰ বা অসমীয়া সমাৰ্থক প্ৰতিশব্দ বিচাৰিবলৈ যোৱা নাই। বৰঞ্চ তেনেধৰণেই যিবোৰ শব্দ জনপ্ৰিয় হৈছে সেইখিনি শব্দ আমি অসমীয়া বানানাত ৰাখিবলৈ সিদ্ধান্ত লৈছো।

ইয়াৰোপৰি তেওঁ কয়, বহু আন্তৰিকতা আৰু বহুত চেষ্টাৰে আমি এই সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলো। কিন্তু পৃথিৱীত আজিলৈকে এখন মাত্ৰ অভিধানৰ বাহিৰে নিৰ্ভুল বুলি ক'ব পৰা অভিধান পৃথিৱীত প্ৰকাশ হোৱা নাই বুলি আমাৰ মাজত এটা প্ৰবাদ আছে। সেই প্ৰবাদৰ প্ৰতিও সন্মান জনাই আমি কওঁ, আমাৰ এই আশাসুধিয়া প্ৰচেষ্টাত আমাৰ নিশ্চয় কিবাকিবি ভুল হৈ ৰৈছে। তাৰ বাবে আমি সকলো মাৰ্জনাপ্ৰাৰ্থী।

ইফালে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই উদ্বোধনী ভাষণত হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰৰ সৈতে জড়িত হৈ থকা প্ৰতিজন ব্যক্তিকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানতে সম্বৰ্ধনাও জনায়। ইয়াৰোপৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠানলৈ দুটাকৈ খণ্ডত প্ৰকাশিত ব্ৰেইল ব্যাকৰণখন বিনামূলীয়াকৈ অৰ্পণ কৰে।

জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনৰ সময়ত গণেশ বন্দনা পৰিৱেশণ কৰে অজন্তা গোস্বামীয়ে। অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাস, অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক হায়দৰ হুছেইন, নিত্য বৰা, ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া, কেইবাখনো বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধি, দৃষ্টিহীন শিক্ষাৰ্থী, বিভিন্ন দল,সংগঠনৰ নেতৃত্ব, সাদিন প্ৰতিদিন গোষ্ঠীৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে হেমকোষ আৰু ব্ৰেইল ব্যাকৰণ প্ৰকাশৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনৰ দিনটোতে উন্মোচিত হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰ...
উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণঃ কিদৰে প্ৰস্তুত কৰা হৈছে এই সংস্কৰণ, চাওঁক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in