অসহায় বৃদ্ধ মহিলাক ৰাজপথত প্ৰহাৰ যুৱকৰঃ মৌনতাৰে সমৰ্থন উপস্থিত নাগৰিকৰ...

অসহায় বৃদ্ধ মহিলাক ৰাজপথত প্ৰহাৰ যুৱকৰঃ মৌনতাৰে সমৰ্থন উপস্থিত নাগৰিকৰ...

author-image
Asomiya Pratidin
New Update
অসহায় বৃদ্ধ মহিলাক ৰাজপথত প্ৰহাৰ যুৱকৰঃ মৌনতাৰে সমৰ্থন উপস্থিত নাগৰিকৰ...

অসহায় বৃদ্ধ মহিলাক ৰাজপথত প্ৰহাৰ যুৱকৰঃ মৌনতাৰে সমৰ্থন উপস্থিত নাগৰিকৰ...

ডিজিটেল ডেস্কঃ সামান্য কথাতে মহিলাৰ ওপৰত অকথ্য নিৰ্যাতন চলাই পৈশাচিক আনন্দত মতলীয়া হ’ল যুৱক। অভিজাত মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এই ঘটনা মৌনতাৰে চাই যেন সমৰ্থন কৰি গ’ল সেই স্থানত উপস্থিত থকা বহু লোকে।

Advertisment

এগৰাকী বৃদ্ধক এজন যুৱকে প্ৰহাৰ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে শনিবাৰে। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ স্থান আছিল গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ লুটুমাৰ।

লুটুমাৰ ৰাজপথতে এজন যুৱকে এগৰাকী বৃদ্ধাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল। সেই সময়ত ঘটনাস্থলীৰ আশে পাশে আছিল বহু লোক। কিন্তু কোনেও সেই মহিলাগৰাকীক ৰক্ষা কৰিবলৈ বা প্ৰহাৰ কৰি থকা যুৱকজনক বাধা দিবলৈ আগবাঢ়ি নাহিল। যাৰ বাবে এতিয়া বিষয়টোক লৈ সামাজিক মাধ্যমত বহুল চৰ্চা চলিছে।

জানিব পৰা মতে এইদৰে বৃদ্ধাগৰাকীক প্ৰহাৰ কৰা যুৱকগৰাকীৰ নাম অৰূপ শৰ্মা।এই অৰূপ শৰ্মা পেছাত এগৰাকী ব্যৱসায়ী। অভিযোগ অনুসৰি তেওঁৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অজ্ঞাতবসত এই বৃদ্ধা মহিলাগৰাকীয়ে কিছু সামগ্ৰী পেলাইছিল।

তাতেই খৰ্গহস্ত হৈ অৰূপে বৃদ্ধা মহিলাগৰাকীক ৰাজপথত চোচৰাই প্ৰহাৰ কৰে। সেই সময়ত সেই স্থানত বহু লোক উপস্থিত আছিল যদিও কোনেও অৰূপ শৰ্মাক তেনে কাৰ্য কৰাত বাধা নিদিলে।

অৰূপৰ প্ৰহাৰৰ পৰা উদ্ধাৰ নকৰিলে বৃদ্ধা মহিলাগৰাকীক। জানিব পৰা মতে পৰৱৰ্তী সময়ত স্থানীয় ওদালবাক্ৰা আৰক্ষীয়ে আহি অৰূপ শৰ্মাক আটক কৰে। সামাজিক মাধ্যমত এই সমগ্ৰ ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া সকলোৱে অৰূপ শৰ্মাক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে।

সমান্তৰালকৈ অসহায় বৃদ্ধাগৰাকীক প্ৰহাৰৰ সকলো দৃশ্য মৌনতাৰে চাই থকা লোকসকলক মানৱীয় চিন্তা চেতনাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

Also Read: সদৌ অসম ছাত্ৰ সন্থাৰ দুই নেতাক ধেমাজিত উষ্ম আদৰণি...

অপৰাধ