সদৌ অসম ছাত্ৰ সন্থাৰ দুই নেতাক ধেমাজিত উষ্ম আদৰণি...

সদৌ অসম ছাত্ৰ সন্থাৰ দুই নেতাক ধেমাজিত উষ্ম আদৰণি...
সদৌ অসম ছাত্ৰ সন্থাৰ দুই নেতাক ধেমাজিত উষ্ম আদৰণি...

ডিজিটেল সংবাদ ধেমাজিঃ সদ্য সমাপ্ত আছুৰ মৰিগাঁও অধিৱেশনত নতুনকৈ গঠন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটীত সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত হোৱা ধেমাজি জিলা ছাত্ৰ সন্হাৰ প্ৰাক্তন সভাপতি তথা জিলা আছুৰ উপদেষ্টা দীপক শৰ্মা আৰু কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য ধেমাজিৰ বিকাশ মিছংক ধেমাজিত উষ্ম আদৰণি জনোৱা হয় ৷ শনিবাৰে বিয়লি ধেমাজি আছুৰ শ্বহীদ উদ্যানত প্ৰৱেশ কৰাৰ লগে লগে ধেমাজি জিলা আছুৰ শতাধিক কৰ্মীয়ে নেতাদ্বয়ক বিপুলভাৱে আদৰণি জনায় ৷

নেতাদ্বয়ে পোনে পোনে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰাৰ পিছতে ধেমাজি জিলা আছুৰ সভাপতি সঞ্জীৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন সভাত অংশগ্ৰহণ কৰে। সভাত ধেমাজি জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, সদ্য বিদায়ী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰবি কচাৰী, অসম সেনাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ডিম্বেশ্বৰ গগৈ, ধেমাজি জিলা আছুৰ সহকাৰী সম্পাদক দেবেন ডেকাকে প্ৰমুখ্যে কৰি কেইবাজনো নেতাই অভিনন্দনসূচক বক্তব্য ৰাখে ৷

জিলা আছুৰ সহকাৰী সম্পাদক কৰুণজ্যোতি চেতিয়াই আঁতধৰা অনুষ্ঠানটিত সম্বৰ্ধনাৰ উত্তৰত দীপক শৰ্মা আৰু বিকাশ মিছঙে আগন্তুক দিনত অসম, অসমীয়াৰ লগতে ধেমাজি জিলাবাসীৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ দুই নেতাক ধেমাজিত উষ্ম আদৰণি...
নগাঁও কলেজ (অট’নমাচ)ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃক্তানুষ্ঠান সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in