আনুষ্ঠানিকভাৱে উদ্বোধন নন্দিনীঃ বিহুৰ প্ৰাকক্ষণত খানপাৰাত শিল্প, বাণিজ্য, খাদ্য, সংস্কৃতিৰ ব্যতিক্ৰমী অনুষ্ঠান...

যতীন বৰা, কপিল বৰা, অমৃতা গগৈয়ে উদ্বোধন কৰিলে এই বৰ্ণাঢ্য অনুষ্ঠান
আনুষ্ঠানিকভাৱে উদ্বোধন নন্দিনীঃ বিহুৰ প্ৰাকক্ষণত খানপাৰাত শিল্প, বাণিজ্য, খাদ্য, সংস্কৃতিৰ ব্যতিক্ৰমী অনুষ্ঠান..
আনুষ্ঠানিকভাৱে উদ্বোধন নন্দিনীঃ বিহুৰ প্ৰাকক্ষণত খানপাৰাত শিল্প, বাণিজ্য, খাদ্য, সংস্কৃতিৰ ব্যতিক্ৰমী অনুষ্ঠান..

ডিজিটেল ডেস্কঃ ৰঙালীৰ প্ৰাকক্ষণত ঢোল, পেপা, গগণাৰ মাতেৰে মুখৰিত হ’ল খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামৰ বাকৰি। প্ৰতিদিন ইভেণ্টছ আৰু ষ্টইক ষ্টুডিঅ’ৰ উদ্যোগত টয়টাৰ সহযোগত শিল্প, বাণিজ্য, খাদ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰেৰে ষ্টেডিয়ামৰ বাকৰিত আজিৰে পৰা আৰম্ভ হৈছে ‘নন্দিনী’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান।অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, কপিল বৰা, অভিনেত্ৰী অমৃতা গগৈ, টপচেম চিমেণ্টৰ সঞ্চালক অনিল কাপুৰে ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই অনুষ্ঠানত।

উল্লেখ্য যে, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰা এই নন্দিনী শীৰ্ষক অনুষ্ঠানত সাজপাৰ, অলংকাৰ, হস্তনিৰ্মিত সামগ্ৰী, গৃহ সজ্জা সামগ্ৰী, খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী আৰু বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰোপৰি এই অনুষ্ঠানত মাজুলীৰ মুখা শিল্পৰ কৰ্মশালা, উল, মৰাপাট আদিৰে নিৰ্মিত সামগ্ৰীৰ কৰ্মশালা, টেৰাকোটা শিল্প আদিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

ইয়াৰে মাজুলীৰ মুখা শিল্পৰ কৰ্মশালা ৫ আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু অন্যান্য কৰ্মশালাসমূহ ৭ এপ্ৰিলত অনুষ্ঠিত হ’ব। মাজুলীৰ মুখা শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট মুখা শিল্পী খগেন গোস্বামীয়ে। সেইদৰে ৭ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া মেজিক আৰ্টৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব প্ৰিয়ংকা বৰুৱাই। টেৰাকোটা কৰ্মশালাত ইমেজিনেৰী কেনভাছ, হেণ্ডপেইণ্টেড পেন ষ্টেণ্ডৰ কৰ্মাশালাত সম্পূৰ্ণা চৌধুৰী, উল, মাৰাপাট আদিৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকিব নমিতা দলে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ব্যতিক্ৰমী অনুষ্ঠানৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত বন্তী প্ৰজ্বলন কৰে উপস্থিত অভিনেতা, অভিনেত্ৰীসকলৰ লগতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষৰ পত্নী ৰুবী বৰুৱা, পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, নন্দিনীৰ সম্পাদক তথা বিশিষ্ট লেখিকা মাইনী মহন্ত, প্ৰতিদিন টাইমৰ প্ৰৱন্ধক গৌৰৱ গোস্বামী আদিয়ে। ইয়াৰ পিছতে উপস্থিত থকা আটাইকেইগৰাকী অতিথিকে একোখনকৈ ফুলাম গামোচা আৰু উপহৰাৰ টোপোলা প্ৰদান কৰা হয়।

অভিনেতা যতীন বৰাই চমু ভাষণত সকলোকে ৰঙালীৰ শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিদিন ইভেণ্টছৰ এনে প্ৰচেষ্টাক শলাগ লয়। সেইদৰে কপিল বৰাই হস্তনিৰ্মিত সামগ্ৰী তথা সাজপাৰে তেওঁক সদায়ে আকৃষ্টি কৰি আহিছে আৰু নন্দিনীৰ এই অনুষ্ঠানত এনে সামগ্ৰীৰ সমাহাৰ ঘটা বিষয়টোৱে তেওঁক আনন্দিত কৰিছে বুলি কয়।

ইফালে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই বাণিজ্য, খাদ্য, সংস্কৃতিৰ এই মেলাত মাজুলীৰ মুখা শিল্পৰ কৰ্মাশালা অনুষ্ঠিত কৰা দিশটোৱে অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰি গুৱাহাটীৰ ৰাইজে মাজুলীৰ মুখা শিল্প চাবলৈ মাজুলীলৈ যোৱাৰ পৰিৱৰ্তে এই দুটা দিনত ‘নন্দিনী’ৰ অনুষ্ঠানতে চাব পাৰিব বুলি কয়। অনুষ্ঠানত গুৱাহাটীৰ এটা স্থনীয় বিহু দলে বিহু নৃত্য প্ৰদৰ্শনেৰে আগতীয়াকৈ ৰঙালী বিহুৰ মাদকতা প্ৰদান কৰিলে উপস্থিত ৰাইজক।

উল্লেখ্য যে, এই ব্যতিক্ৰমী অনুষ্ঠানত অসমৰ উপৰিও চুবুৰীয়া নাগালেণ্ডৰ ৱ’মেন এণ্টাৰপ্ৰেণাৰ্ছ নেটৱৰ্ক নাগালেণ্ড নামৰ এটা সংস্থাৰ উপৰিও জম্মু কাশ্মীৰ, মুম্বাইৰ প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে। ইয়াৰে নাগালেণ্ডৰ ৱ’মেন এণ্টাৰপ্ৰেণাৰ্ছ নেটৱৰ্ক নামৰ নাগালেণ্ডৰ সংস্থাটোৰ অধীনত আছে ১০ টাকৈ মহিলা উদ্যোগীৰ গোট। জম্মু-কাশ্মীৰ আদি ৰাজ্যৰ বহু মহিলা উদ্যোগীৰ দ্বাৰা নিৰ্মিত বিভিন্ন সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ পয়োভৰ ঘটিছে।

৭ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু নিশা ১০ বজাত অন্ত পৰিব। প্ৰতিদিনেই নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান। অন্তিম দিনটোত এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ বিজয়ীক আকৰ্ষণীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব।  

আনুষ্ঠানিকভাৱে উদ্বোধন নন্দিনীঃ বিহুৰ প্ৰাকক্ষণত খানপাৰাত শিল্প, বাণিজ্য, খাদ্য, সংস্কৃতিৰ ব্যতিক্ৰমী অনুষ্ঠান..
আজিৰে পৰা প্ৰতিদিন ইভেণ্টছৰ শিল্প, বাণিজ্য,সংস্কৃতিৰ সমাহাৰেৰে ‘নন্দিনী’ শীৰ্ষক অনুষ্ঠান…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in