আজিৰে পৰা প্ৰতিদিন ইভেণ্টছৰ শিল্প, বাণিজ্য,সংস্কৃতিৰ সমাহাৰেৰে ‘নন্দিনী’ শীৰ্ষক অনুষ্ঠান…

আজিৰে পৰা প্ৰতিদিন ইভেণ্টছৰ শিল্প, বাণিজ্য,সংস্কৃতিৰ সমাহাৰেৰে ‘নন্দিনী’ শীৰ্ষক অনুষ্ঠান…
আজিৰে পৰা প্ৰতিদিন ইভেণ্টছৰ শিল্প, বাণিজ্য,সংস্কৃতিৰ সমাহাৰেৰে ‘নন্দিনী’ শীৰ্ষক অনুষ্ঠান…

ডিজিটেল ডেস্কঃ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত প্ৰতিদিন ইভেণ্টছে টয়টাৰ সহযোগত খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰিছে এক বিশেষ অনুষ্ঠান। শিল্প, বাণিজ্য, সংস্কৃতিৰ সমাহাৰেৰে অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানৰ নাম নন্দিনী।

৫ এপ্ৰিল, শুকুৰবাৰৰ পৰা  আৰম্ভ হোৱা এই অনুষ্ঠান ৭ এপ্ৰিল, দেওবাৰলৈকে চলিব। এই অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত মহিলা উদ্যোগীসকলে প্ৰস্তুত কৰা সাজপাৰ, হস্তশিল্প, অলংকাৰ, গৃহ সজ্জা সামগ্ৰী, বিভিন্ন শিল্প কলা, থলুৱা খাদ্য সম্ভাৰৰ আদি প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।   

তিনিদিনীয়া অনুষ্ঠিত হোৱা এই অনুষ্ঠান আজি দিনৰ ১২ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অভিনেত্ৰী আইমী বৰুৱা, অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা, মুৰথী ছাৰ, ব্ৰীজ মোহন শৰ্মা আৰু অনিল কাপুৰে। তিনিওটা দিনতে মাজুলীৰ মুখা শিল্পৰ সন্দৰ্ভত এক কৰ্মশালাও অনুষ্ঠিত হ’ব। এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে থাকিব বিশিষ্ট মুখা শিল্পী খগেন গোস্বামী।

অনুষ্ঠানৰ প্ৰথম দিনটোত ৰাজ্যৰ বহু কেইগৰাকী ইনফ্লুয়েঞ্চাৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব। সন্ধিয়া অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। সেইদৰে ৬ এপ্ৰিল, শনিবাৰে দ্বিতীয় দিনা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছে স্বচ্ছতাৰ অনুষ্ঠান, স্মৰণিকা উন্মোচন, আলোচনা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি। উদ্যোগীৰ লগত আলোচনা অনুষ্ঠানৰ আঁত ধৰিব মহিলা আলোচনী ‘নন্দিনী’ৰ সম্পাদিকা মাইনী মহন্তই। এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব শ্ৰীপৰ্ণা বৰুৱা, নেইলী আহমেদ আৰু জ্যোতি দাস।

একেদৰে তৃতীয় দিনা অৰ্থাত ৭ এপ্ৰিল, দেওবাৰেও স্বচ্ছতাৰ অনুষ্ঠানেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব চিত্ৰাংকন প্ৰতিযোগিতা, কৰ্মশালা, প্ৰতিযোগিতাৰ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠান। কৰ্মশালাসমূহৰ ভিতৰত আছে মেজিক আৰ্ট, টেৰাকটা শিল্প, হেণ্ডপেইণ্টেড পেন ষ্টেণ্ড, উল, মৰাপাট আদিৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ কৰ্মাশালা। ইয়াৰে মেজিৰ আৰ্ট কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে থাকিব প্ৰিয়ংকা বৰুৱা, টেৰাকটা শিল্পৰ প্ৰশিক্ষক হিচাপে থাকিব ইমেজিনেৰী কেনভাছ, হেণ্ড পেইণ্টেড পেন ষ্টেণ্ডৰ প্ৰশিক্ষক হিচাপে থাকিব সম্পূৰ্ণা চৌধুৰী আৰু উল, মৰাপাট আদিৰে নিৰ্মিত সামগ্ৰীৰ কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে থাকিব নমিতা দলে। তিনিওদিনৰ বিভিন্ন কাৰ্যসূচীত বহু কেইগৰাকী বিশিষ্ট মহিলা উদ্যোগীৰ লগতে বিভিন্ন ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত মহিলাৰ লগতে অন্যান্য ব্যক্তি উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in