অম্বুবাচী উপলক্ষে প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰিঃ চাওঁক সবিশেষ...

পাণ্ডু ঘাটত হ'ব উদ্বোধনী অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
অম্বুবাচী উপলক্ষে প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰিঃ চাওঁক সবিশেষ...

অম্বুবাচী উপলক্ষে প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰিঃ চাওঁক সবিশেষ...

ডিজিটেল ডেস্কঃ সমাগত অম্বুবাচী। মাজত মাত্ৰ কেইটামান দিন। অম্বুবাচীৰ বাবে সাজু হৈছে কামাখ্যা ধাম। উখল-মাখল পৰিবেশে বিৰাজ কৰিছে নীলাচলৰ বুকুত। তাৰ মাজতেই আজি অম্বুবাচী মেলাক লৈ কেতবোৰ নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

Advertisment

অম্বুবাচীক কেন্দ্ৰ কৰি জাৰি কৰা এই নিৰ্দেশনা অনুসৰি অম্বুবাচী মেলাৰ সময়ত নাথাকিব কোনো ভি আই পি পাছৰ ব্যৱস্থা। সকলো ভক্তই সাধাৰণ ভক্তৰ দৰেই দৰ্শন কৰিব লাগিব মা-কামাখ্যাক। ভি আই পিসকলেও শাৰি পাতিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰেই ।

মেলাৰ সময়ত সন্ধিয়া ৮ বজাত বন্ধ কৰা হ’ব মা-কামাখ্যা ধামলৈ যোৱা প্ৰৱেশ পথ। একেদৰে বন্ধ কৰি দিয়া হ’ব পাণ্ডু ঘাটৰ পৰা অহা পথটোও। বন্ধ থাকিব কামাখ্যা গেটৰ পৰা ফেৰী সেৱা আৰু যানবাহনৰ চলাচল।

এইবাৰ অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব পাণ্ডু ঘাটত। ইয়াতেই অতিথিৰ বাবে থাকিব কেম্প। ইয়াৰোপৰি কামাখ্যা ষ্টেচনৰ বিপৰীত দিশেও থাকিব কেম্প।

আনহাতে যিসকল লোকে ভক্তৰ বাবে খাদ্য বিলাব বিচাৰে তেওঁলোকে য’তে মন তাতেই খাদ্য বিলাব নোৱাৰিব। লগাব নোৱাৰিব য'তে মন তাতেই ভাণ্ডাৰ। ইয়াৰ বাবে থাকিব নিৰ্দষ্ট ঠাই।

উল্লেখ্য যে, ৫১খন শক্তিপীঠৰ অন্যতম নীলাচলৰ বুকুত থকা কামাখ্যা ধাম।এই কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী মেলালৈ প্ৰতি বছৰে লাখ লাখ ভক্তৰ আগমণ ঘটে। ২০২৩ বৰ্ষৰ অম্বুবাচীৰ সময়ত ইয়ালৈ আগমণ ঘটিছিল ২৫ লাখ ভক্তৰ। এইবাৰ সেই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।

এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত চলিব অম্বুবাচী মেলা। ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি। এই সময়ৰ পৰা ২৬ জুনলৈকে বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ। ২৬ জুনৰ পুৱা নিত্য পূজা সম্পন্ন হোৱাৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হ’ব মন্দিৰৰ দুৱাৰ।

Also Read: চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ ৩০ টা স্থানৰ নাম সলনি কৰিলে ভাৰতে...

কামাখ্যা অম্বুবাচী