পত্নীৰ সৈতে কামাখ্যা ধামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী

পত্নীৰ সৈতে কামাখ্যা ধামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী

ডিজিটেল ডেস্কঃ সোমবাৰে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে পোনে পোনে কামাখ্যা মন্দিৰত উপস্থিত হৈ পত্নীসহ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে।

জানিব পৰা মতে, অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহ পুনৰীক্ষণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে গাডকাৰীয়ে কেইটামান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰো সম্ভাৱনা আছে।

উল্লখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত অসম আৰু উত্তৰপূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প চলি আছে।

পত্নীৰ সৈতে কামাখ্যা ধামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী
বহিঃ ৰাজ্যত পুনৰ নিৰুদ্দেশ অসমৰ লোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in