/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a39bc6cd-a6d5-4264-b672-d8a2f1ab3f21/17.jpg)
ডিজিটেল ডেস্কঃ বহিঃ ৰাজ্যত কৰ্মসংস্থাপনৰ সন্ধানত গৈ পুনৰ নিৰুদ্দেশ অসমৰ লোক। কেৰেলালৈ কামৰ সন্ধানত যোৱা তিতাবৰৰ কেঁচাখাইটি গাঁৱৰ অৰুপ মূড়া নামৰ যোৱা ২৮ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fa21a7cd-b11e-40f1-ba11-24547c2e5521/97fbf8b0_6772_4f45_aeda_e54d05a7e4f1.jpg)
ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা ২৫ অক্টোবৰত তিতাবৰৰ বুবু দত্ত নামৰ লোকজনৰ সৈতে শিলচৰ এক্সপ্ৰেছ যোগে গুৱাহাটীৰ পৰা কেৰেলা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল অৰুপ মূড়াই। শিলচৰ এক্সপ্ৰেছেৰে গুৱাহাটীৰ পৰা গৈ তেওঁলোকে ২৮ অক্টোবৰৰ নিশা প্ৰায় ১২ বজাত বিজয়ৱাড়া ষ্টেচনত উপস্থিত হৈছিল। তাৰ পাছত নিশা প্ৰায় ১২.৩০ বজাত তেওঁলোকে কেৰেলা এক্সপ্ৰেছ যোগে বিজয়ৱাড়া ষ্টেচনৰ পৰা কেৰেলাৰ আলুভা ষ্টেচন অভিমুখে ৰাওনা হয়।
অৰুপ মূড়াৰ সহযাত্ৰী বুবু দত্তই জনোৱা মতে, ২৮ অক্টোবৰৰ নিশা প্ৰায় ২.৩০ বজালৈ তেওঁ অৰুপ মূড়াৰ সৈতে কথা পাতি আছিল আৰু তাৰ পিছতেই তেওঁ টোপনি গৈছিল। ২৯ অক্টোবৰৰ পুৱা প্ৰায় ৫ মান বজাত পত্নীৰ ফোনত সাৰ পোৱা বুবু দত্তই অৰুপ মূড়াক কাষত নেদেখি বিচাৰ-খোচাৰ কৰে। বহুসময় বিচাৰ-খোচাৰ কৰাৰ পিছত ৰেলত মানুহজনক বিছাৰি নাপাই তেওঁ গুদুৰ জংচনত নামি ৰেলৱে আৰক্ষীক খবৰ দিয়ে। অৰুপ মূড়াই নিজৰ লগতে বুবু দত্তৰ বেগো লগত লৈ যোৱা বুলি বুবু দত্তই জানিব দিয়ে।
বুবু দত্তই সন্দেহ কৰা অনুসৰি, অৰুপ মূড়া নেল্লড় আৰু গুদুৰ ষ্টেচনৰ মাজতে পুৱা প্ৰায় ৪ মান বজাৰ পৰা সন্ধানহীন হৈ আছে। বুবু দত্তই ইতিমধ্যেই বিজয়ৱাড়া, গুদুৰ, আলুড় ষ্টেচনৰ আৰক্ষী চকীত অৰুপ মূড়াৰ সন্ধানহীন হোৱা গোচৰ ৰুজু কৰিছে। ইয়াৰ উপৰি তেওঁ এটা অনলাইন নিৰুদ্দেশৰ গোচৰো ৰুজু কৰা বুলি জানিব পৰা গৈছে।
যোৱা ২৯ অক্টোবৰৰ দিনটো বিছাৰ-খোচাৰ কৰি অৰুপ মূড়াক বিচাৰি নাপাই বুবু দত্ত ৩০ অক্টোবৰত কেৰেলাত উপস্থিত হয়। উল্লেখ্য যে, বুবু দত্ত পূৰ্বৰে পৰা কেৰেলাত কৰ্মৰত আছিল যদিও অৰুপ মূড়া প্ৰথমবাৰৰ বাবে বহিঃ ৰাজ্যলৈ গৈছিল। অৰুপ মূড়াৰ পত্নী দিল্লীত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বুবু দত্তই অৰুপ মূড়াৰ পৰিয়ালক খবৰ দিয়াৰ লগতে আৰক্ষীকো অৱগত কৰিছে বুলি জানিব পৰা গৈছে।
Also Read: উপহাৰ লোৱাৰ পৰিৱৰ্তে কবি শহুৰৰ ন-বোৱাৰীয়ে অতিথিক দিলে বিয়াত উন্মোচিত গ্ৰন্থ