৩ বছৰৰ পৰিৱৰ্তে ডিগ্ৰী পাঠ্যক্ৰম হ'ল ৪ বছৰীয়াঃ ৰাজ্যত আৰম্ভ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০

৩ বছৰৰ পৰিৱৰ্তে ডিগ্ৰী পাঠ্যক্ৰম হ'ল ৪ বছৰীয়াঃ ৰাজ্যত আৰম্ভ নতুন শিক্ষা নীতি-২০২০
৩ বছৰৰ পৰিৱৰ্তে ডিগ্ৰী পাঠ্যক্ৰম হ'ল ৪ বছৰীয়াঃ ৰাজ্যত আৰম্ভ নতুন শিক্ষা নীতি-২০২০

ডিজিটেল ডেস্কঃ আজিৰে পৰা ৰাজ্যত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন হ'ল ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ২০২৩-২৪ শিক্ষা বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এইবাৰৰ পৰা নতুন শিক্ষা নীতিৰ আধাৰত আৰম্ভ হ’ব পাঠ্যক্ৰম। সেই অনুসৰি এতিয়াৰে পৰা ডিগ্ৰী পাঠ্যক্ৰম ৩ বছৰৰ পৰিৱৰ্তে ৪ বছৰীয়া হ’ব।

চলিত বছৰৰ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া শিক্ষাবৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন শিক্ষানীতিৰ আধাৰত Gauhati University Four-Year Undergraduate Programme চমুকৈ GUFYUGP আৰম্ভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অসমত লাহে লাহে সফলতাৰ দিশে আগবাঢ়িছে। ৰাজ্যৰ উচ্চ শিক্ষাৰ বাবে আজিৰ দিনটো এক মাইলৰ খুঁটি।

নিজৰ ভাষণত তেওঁ কয় যে, এই নতুন শিক্ষা নীতিয়ে শিক্ষাৰ্থীৰ বহুমুখী বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই নীতি অনুসৰি যিকোনো বিভাগৰ শিক্ষাৰ্থীয়ে যিকোনো বিষয় অধ্যয়ন কৰিব পাৰিব।

কলা, বিজ্ঞান, বাণিজ্য তিনিওটা বিভাগ সকলো মহাবিদ্যালয়ত থাকিব। যিসমূহ কলেজত এই তিনিওটা বিভাগ নাই সেই সমূহ কলেজত ইয়াৰ ব্যৱস্থা কৰিব।

ইয়াৰোপৰি তেওঁ কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্য হৈছে নতুন ভাৰত গঢ়া। তেওঁ, মহাবিদ্যালয়সমূহত স্নাতক ডিগ্ৰী চাৰিবছীয়া কৰাৰ বাবে বিধানসভাত আইন গ্ৰহণ কৰা‌ হ’ব বুলিও উল্লেখ কৰে। লগতে বিশ্ববিদ্যালয় আইন‌ সংশোধনৰ‌ ব্যৱস্থা কৰা‌ হ’ব বুলিও প্ৰকাশ কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কলেজসমূহে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাৰ্থী এজনে কলেজত ডিগ্ৰীৰ তৃতীয় বছৰত শিক্ষা আধাতে এৰি যাব পাৰিব । পুনৰ তিনি বছৰ পিচত উভতি আহি বাকী এবছৰৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। 

ইফালে মহাবিদ্যালয়সমূহত গৱেষণামূলক বা আন বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ দিনৰ ২ বজাৰ পাছৰ সময়খিনি ব্যৱহাৰ কৰিব লাগিব বুলি কয়। লগতে তেওঁ ২ মাহৰ মূৰে মূৰে ৰাজ্যৰ বিশ্ববিদ্যালয়কেইখনৰ উপাচাৰ্যসকল একত্ৰিত হৈ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়ৰ বাবে বিভিন্ন আলোচনাত মিলিত হোৱাৰ পৰামৰ্শ আগবঢ়ায়।

ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত কয়, নতুন শিক্ষা নীতিত মাল্টিপল এণ্ট্ৰি আৰু এক্সিট ব্যৱস্থা থাকিব। লগতে তেওঁ এতিয়াৰে পৰা স্কুল লিভিং দশম শ্ৰেণীৰ পৰিৱৰ্তে দ্বাদশ শ্ৰেণীতহে হ’ব বুলি উল্লেখ কৰিছে। ৰাজ্যৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তই কয়, ২০২১ চনৰ পৰাই ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগৰ চেষ্টা চলাই থকা হৈছিল।

৩ বছৰৰ পৰিৱৰ্তে ডিগ্ৰী পাঠ্যক্ৰম হ'ল ৪ বছৰীয়াঃ ৰাজ্যত আৰম্ভ নতুন শিক্ষা নীতি-২০২০
এখন পানী যোগানকাৰী টেম্প'ক ৯০ হাজাৰলৈ জৰিমণাঃ গুৱাহাটীত অধিক বৃদ্ধি পাব পানীৰ সমস্যা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in