/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5596411a-5687-42da-99fb-22aae94c6930/new_guwahati_21.jpg)
নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাৰ সপ্তমী পূজা সম্পন্নঃ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে প্ৰদান কৰিলে চেক...
ডিজিটেল ডেস্কঃ নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ সৌজন্যত আজি মহা সপ্তমী পূজাভাগ সুকলমে সম্পন্ন হয়। অগণন ভক্তৰ সমাগমত দেৱী বন্দনা, পূজা অৰ্চনাৰে মুখৰ এক পৰিবেশত এক বৃহৎ সংখ্যক লোকে সেৱা জনোৱাৰ উপৰি নিৰ্মালি, প্ৰসাদ, ভোগ আদি গ্ৰহণ কৰে।
আনহাতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰতিনিধি দলে পৌৰ নিগমৰ পাৰিষদ ৰাখী বৰাৰ নেতৃত্বত পূজা সমিতিৰ কাৰ্যালয়ত দহ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। পূজা সমিতিৰ হৈ সভাপতি, সম্পাদকে এই চেক গ্ৰহণ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
উলেখযোগ্য যে সপ্তমীৰ সন্ধিয়াৰ আৰতিৰ পিছতে সন্ধিয়া৭-৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব।
Also Read: দুলীয়াজানৰ OILৰ তেলখাদ NHK-67ৰ নিৰ্গমণৰ ঘটনাক লৈ স্পষ্টীকৰণ...