Advertisment

মালিগাঁও উৰণসেতু উদ্বোধনী অনুষ্ঠানৰ বাবে নতুন পথ নিৰ্দেশনা

মালিগাঁও উৰণসেতু উদ্বোধনী অনুষ্ঠানৰ বাবে নতুন পথ নিৰ্দেশনা

author-image
Asomiya Pratidin
New Update
মালিগাঁও উৰণসেতু উদ্বোধনী অনুষ্ঠানৰ বাবে নতুন পথ নিৰ্দেশনা

ডিজিটেল ডেস্ক : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই কাইলৈ মুকলি হ’ব মালিগাঁও উৰণসেতু। ৩০ আগষ্ট ; বুধবাৰে বিয়লি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাংগলিক পৰ্বৰ মাজেৰে উদ্বোধন কৰিব নৱনিৰ্মিত মালিগাঁও উৰণসেতু।

Advertisment

প্ৰায় আঢ়ৈ বছৰীয়া যন্ত্ৰণাৰ অন্ত পেলাই মুকলি কৰা হ'ব সেতুখন। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ বাকীবোৰ উৰণসেতুৰ তুলনাত এই সেতুখন আটাইটকৈ দীঘল। মুকলিৰ পূৰ্বে দীৰ্ঘতম উৰণসেতুখন আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে।

সেতুখনৰ নান্দনিক দৃশ্যই মোহিত কৰিছে প্ৰত্যক্ষদৰ্শীক। সেতুখনত উত্তৰ-পূৰ্বাঞ্চলৰ লোক সাজপাৰ, বন্যপ্ৰাণীকে ধৰি বিভিন্ন নয়নাভিৰাম চিত্ৰ অংকিত কৰি সু-সজ্জিত কৰি তোলা হৈছে।

ইতিমধ্যে কাইলৈৰ উদ্বোধনী অনুষ্ঠানৰ বাবে যান-বাহনৰ ক্ষেত্ৰত বিভাগে নতুন পথ নিৰ্দেশনা জাৰি কৰিছে। বিয়লি ৩-৩০ বজাৰ পৰা অনুষ্ঠান শেষ নোহোৱা পৰ্যন্ত জাৰি থাকিব নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি, দুচকীয়া আৰু চাৰিচকীয়া বাহনসমূহ বড়িপাৰা উৰণসেতুৰ কাষেৰে কামাখ্যা ৰে'লৱে ষ্টেচন,গো-শালা,ৰংভৱন হৈ মালিগাঁও ৩ নং গেটেৰে এ টি ৰোডত প্ৰৱেশ কৰিব পাৰিব। চিটি বাছৰ বাবে জালুকবাৰী বাইপাছ হৈ ৰটাৰী পইণ্ট, হজ ভৱন, তেতেলীয়া হৈ মালিগাঁও ৩ নং গেটেৰে এ টি ৰোডত প্ৰৱেশ কৰিব পাৰিব।

ইফালে পৰিবহণ নিগমৰ দূৰণীবটীয়া বাছসমূহ জালুকবাৰী হৈ গড়চুক,লখৰা,বশিষ্ঠ আৰু খানাপাৰালৈ যাব পাৰিব। ভৰলুমুখৰ পৰা জালুকবাৰীলৈ এ টি ৰোডত বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ মালবাহী বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অৱশ্যে ভৰলুৰ পৰা জালুকবাৰী দিশলৈ অন্য গাড়ী চলাচলত নাই নিষেধাজ্ঞা। আনহাতে উৰণসেতু উদ্বোধনী অনুষ্ঠান চাবলৈ অহা দৰ্শকৰ বাবে বড়িপাৰাৰ পাৰ্কিং ফিল্ডত গাড়ী ৰখাৰ ব্যৱস্থা কৰা হৈছে।

Also Read: ননৈ নদীৰ মথাউৰিৰ ছিগা স্থান পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Maligaon Flyover