/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5333cc22-0adf-4d38-b8d5-3a93086917e3/87.jpg)
ডিজিটেল ডেস্ক : ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৱৰীপাৰাৰ ভুক্তভোগী ৰাইজৰ কাষত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা গৈ উপস্থিত হয়। মঙলবাৰে পুৱাই মন্ত্ৰীগৰাকী দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৱৰীপাৰাৰ জনসেৱা নামৰ স্থানত উপস্থিত হৈ সোমবাৰে নিশা ননৈ নদীৰ সোঁদিশে নদীৰ বাঢ়নি পানীত বিচ্ছিন্ন হৈ পৰা মথাউৰিৰ অৱস্থাৰ বুজ লোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকৰ খবৰ লয় । মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে সংগ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6e8fbee4-5f7a-48cf-b92a-58a2cbf9362b/256940a9_ff3f_4847_940f_7a12909bd85e.jpg)
নিশা নদীৰ বাঢ়নি পানীয়ে মথাউৰি তথা পকীপথটো বিচ্ছিন্ন কৰি ছিপাঝাৰ সমষ্টিৰ প্ৰায় ২৫ খন গাঁও প্লাৱিত কৰি তোলে । মথাউৰি চিগাৰ খবৰ লাভ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৰাতিৰে পৰা বিভাগীয় মুখ্য অভিযন্তা আৰু জিলা প্ৰশাসকৰ লগত যোগাযোগ ৰাখি আছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2ae8e7f6-4a39-4966-a8de-d010c2275cce/367473879_830626485185115_2533775068135207534_n.jpg)
আজি পুৱাতে মথাউৰি বিচ্ছিন্ন হোৱা অংশত বিধায়কগৰাকীৰ সৈতে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈ বিভাগীয় মুখ্য অভিযন্তাক কাইলৈৰ পৰাই টিউবৰ ব্যৱহাৰ কৰি মথাউৰিটোৰ চিগা অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । স্থানীয় বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী হাজৰীকাই তেওঁলোকক আশ্বাস দি কয় যে,পৰৱৰ্তী ৭ৰ পৰা ১০ দিনৰ ভিতৰত মথাউৰিৰ চিগা অংশ সম্পূৰ্ণ মেৰামতি কৰি মথাউৰিটো যাতায়তৰ সুচল কৰি দিয়া হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/002ba1a5-1fc9-4d67-acc5-5e96a867b633/7e56909f_2a97_4fa5_b4b7_b375d66a7df3.jpg)
আনহাতে বানত ক্ষতিগ্ৰস্ত ৰাইজে যাতে তাৎক্ষণিকভাৱে চৰকাৰী সাহাৰ্য লাভ কৰে তাৰ সুব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই পৰিদৰ্শনৰ সময়ত উপস্থিত থকা জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰে । যিসকলৰ ঘৰ সম্পূৰ্ণকৈ অথবা আংশিকভাৱে বিনষ্ট হৈছে তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত পাবলগা সকলো সহায় সোনকালে কৰি দিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তগৰাকীক নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7a3b0332-bf96-403d-8768-097387793d9a/703ae043_d22a_451a_9206_87b3faae68bd.jpg)
পাছত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই কয় যে, জলসম্পদ বিভাগে ৰাজ্যখনত বানৰ প্ৰকোপ কমাবৰ বাবে পাৰ্যমানে প্ৰয়াস কৰি আছে আৰু বহু ক্ষেত্ৰত সফলতা লাভ কৰিছে । ৰাজ্যখনৰ মূল নদী ব্ৰহ্মপুত্ৰত এইবাৰো যোৱা বৰ্ষৰ প্ৰায় সমানেই পানী হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিগত বৰ্ষত ৪১ টা স্থানত মথাউৰি ভঙাৰ বিপৰীতে এইবাৰ ৫ টা স্থানত মথাউৰি চিগিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7b902d05-4648-4125-a85e-b0f3a09e8043/686feec1_ee63_4a81_951d_89c114a12c2f.jpg)
আনহাতে আগতে মথাউৰি চিগা অংশ মেৰামতিৰ বাবে প্ৰায় ৩মাহ সময় লগাৰ বিপৰীতে এইবৰ্ষৰ পৰা মথাউৰি চিগাৰ ৭ দিনৰ ভিতৰতে টিউবৰ সহায়েৰে চিগা অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা সহিতে আন আন বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5de2fae6-9514-41b1-844b-8e538eaa7923/367480867_830626391851791_5631006580366488808_n.jpg)
Also Read: সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি